spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিক‘সাহস আছে যদি ৰাজধানী দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰক’-কোনে জনালে এই মুকলি...

‘সাহস আছে যদি ৰাজধানী দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰক’-কোনে জনালে এই মুকলি প্ৰত্যাহ্বান

ডিজিটেল ডেস্ক: লাচিত দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ ‘মুখ্যমন্ত্রীৰ সাহস আছে যদি ৰাজধানী দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰক’- বুলি প্ৰত্যাহ্বান জনায় সভাপতিগৰাকীয়ে৷ গণতান্ত্রিক আন্দোলনৰ গৰিমাক নস্যাৎ কৰিবলৈ উঠি পৰি লাগিছে একাংশই বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ৷ আজি অসমৰ স্বভিমান বীৰ লাচিতৰ জন্ম দিৱস৷ এই দিৱসত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে বীৰগৰাকীক৷ লাচিত দিৱস উপলক্ষে মহানগৰীৰ লাচিত নগৰৰ ‘লাচিত জ্যোতি সংঘ’ত অসম জাতীয় পৰিষদে লাচিত দিৱস উদযাপন কৰে৷ এজেপিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত লাচিত দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান উদযাপিত হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা৷


এই অনুষ্ঠানত লুৰিণে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী উত্থাপন কৰে৷ প্ৰথমটো দাবী অনুসৰি, NCERTৰ পাঠ্যক্রমত বিস্তৃতভাৱে অন্তভুর্ক্ত কৰক বীৰ লাচিতৰ কৰ্মৰাজি৷ দ্বিতীয়টো দাবী হৈছে ৰাজধানী দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা কৰক। তৃতীয়টো দাবী অনুসৰি, লাচিতৰ নামত ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ ব্যৱস্থা কৰক।

‘লাচিতক হিন্দু বীৰ সজাব নালাগে, লাচিত অসমীয়াৰ বীৰ, বুৰঞ্জী নজনা সকলে বাঘ হাজৰিকাক কাল্পনিক চৰিত্র সজাবলৈ চেষ্টা কৰিছে, এয়া দুৰ্ভাগ্যজনক’- বুলি মন্তব্য প্ৰদান কৰে লুৰিণজ্যোতি গগৈয়ে৷

ইপিনে ‘কা’ৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় সভাপতিগৰাকীয়ে৷ তেওঁ কয়, পুনৰ ‘কা আন্দোলন’ৰ পোষকতা কৰিব লুৰিণজ্যোতি গগৈয়ে৷ পুনৰ সুমুখৰ পৰা নেতৃত্ব ল’বলৈ প্ৰস্তুত হৈছে লুৰিণ৷ পুনৰ ‘কা’ আন্দোলন কৰিবলৈ ৰাজপথলৈ ৰাইজ নাহে মুখ্যমন্ত্রীৰ এই মন্তব্যৰ পাছতে মুখ্যমন্ত্রীক সকীয়নিও প্ৰদান কৰে লুৰিণে৷ আবুল-তাবুল বকি নিজৰ পদমর্যাদা লাঘৱ নকৰিবলৈ হিমন্তক আহ্বান জনায় তেওঁ৷ ভাৰতবৰ্ষৰ ইতিহাসত আন্দোলন নকৰাকৈ একো পোৱা নাই বুলি সকীয়াই দিয়ে বিজেপি শাসনাধীন চৰকাৰক৷ একাংশই আমাক বদনাম কৰিবলৈ চেষ্টা চলাইছে কিন্তু আমি আমাৰ স্থিতিত এতিয়াও অতল বুলিও উল্লেখ কৰে তেওঁ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular