spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকনিজম পৰিল গ্ৰন্থমেলাৰ বাকৰি; গ্ৰন্থৰ সুবাস বিলাই আজি সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ

নিজম পৰিল গ্ৰন্থমেলাৰ বাকৰি; গ্ৰন্থৰ সুবাস বিলাই আজি সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ

ডিজিটেল ডেস্কঃ যোৱা ২৯ ডিচেম্বৰৰ পৰা উখল মাখল হৈ আছিল চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰ। ২৯ ডিচেম্বৰ, ২০২১ৰ পৰা ৯ জানুৱাৰী,২০২২লৈকে অনুষ্ঠিত হ’ল বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা। গ্ৰন্থৰ সুৱাস বিলাই আজি সফল সামৰণি পৰিল গ্ৰন্থমেলাখনিৰ। উদুলি-মুদুলি হৈ পৰিছিল অসম গ্ৰন্থমেলাৰ বাকৰি। নতুন বছৰৰ পাতনিতে অভিলেখৰ সৃষ্টি হ’ল অসম গ্ৰন্থমেলাত৷ চানমাৰিৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰৰ বাকৰিত ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক বিক্ৰেতা সংস্থাই যুটীয়াভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়।

ন-পুৰণি লেখকৰ প্ৰিয়গ্ৰন্থ বিচাৰি গ্ৰন্থৰ বিপণীয়ে বিপণীয়ে পাঠকে কৰিলে ভিৰ। যান্ত্ৰিকতাৰ পৰা আঁতৰি কিছুসময়ৰ বাবে জীপাল হোৱাৰ সুযোগ যেন এই গ্ৰন্থমেলাসমূহে দি যায়। গুৱাহাটীত অনুষ্ঠিত হোৱা গ্ৰন্থমেলালৈ প্ৰতি বছৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থপ্ৰেমী ঢপলিয়াই আহে। লেখক আৰু পঢ়ুৱৈৰ মিলনভূমি হৈ পৰে এই গ্ৰন্থমেলাৰ বাকৰি। এইবাৰ অসম গ্ৰন্থমেলাত অভিলেখসংখ্যক ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয়। গ্ৰন্থমেলা আৰম্ভ হোৱাৰে পৰা মাত্ৰ চাৰি দিনতে বিক্ৰী হয় অভিলেখসংখ্যক প্ৰায় ১ কোটি টকা মূল্যৰো অধিক গ্ৰন্থ।

পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে বছৰটোৰ প্ৰথমটো দিনত অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি সদৰী কৰে। উদ্যোক্তা অসম প্ৰকাশন পৰিষদৰ বিপণীত চাৰিটা দিনতে বিক্ৰী হয় চাৰিলাখ টকাৰ গ্ৰন্থ। নতুন বছৰৰ প্ৰথমটো দিনতে প্ৰায় ১৮ হাজাৰ লোকৰ সমাগম ঘটে গ্ৰন্থমেলা বাকৰিত। এইবাৰৰ গ্ৰন্থমেলাত বহুকেইজন নবীন লেখকৰ কিতাপে ভূমুকি মাৰে। প্ৰবীণ লেখকৰ সমানে সমানে নবীন লেখকেও অসম গ্ৰন্থমেলাত ব্যাপক সঁহাৰি লাভ কৰিছে। গ্ৰন্থমেলাত প্ৰিয় লেখকক পাঠকে ওচৰৰ পৰা লগ পোৱাৰ সুযোগ পায়,এষাৰ মাত দিয়াৰ সুবিধা পায়…এয়াও যেন গ্ৰন্থমেলাৰ অন্য এক সাৰ্থকতা।

আটাইকেইদিনতে কিছুসংখ্যক ন-পুৰণি লেখক তথা কবি গ্ৰন্থমেলাত উপস্থিত আছিল..কৰিছিল গ্ৰন্থপ্ৰেমীৰ সৈতে ভাৱ বিনিময়। বহু চিনাকি মানুহ লগ পোৱাৰ এক থলী হিচাপেও চিহ্নিত হৈ ৰয় গ্ৰন্থমেলা। কিতাপৰ সুবাসৰ লগতে গ্ৰন্থমেলাৰ বাকৰিত বিয়পি থাকে হাঁহিৰ সুবাস। আজিৰে পৰা নিজম পৰিব চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰ। বাহী বিয়াৰ দৰে হৈ পৰিব অঞ্চলটো। গ্ৰন্থপ্ৰেমীৰ মন আজি কিছু পৰিমাণে সেমেকি উঠিছে। আহিলে যে গুচি যোৱাই নিয়ম..সেই ভাবিয়েই লেখক-পাঠকে নিজক পতিয়ন নিয়াইছে। গ্ৰন্থমেলাৰ বতৰ এয়াই শেষ নহয়…আকৌ আহিব আৰু সুবাসিত কৰি যাব গ্ৰন্থপ্ৰেমীৰ হৃদয়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular