Google search engine
26.7 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিকস্বাস্থ্যমন্ত্ৰীৰ সংবাদমেলঃ কি কি নীতি-নিৰ্দেশনা আছে নতুন এছঅ’পিত?

স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেলঃ কি কি নীতি-নিৰ্দেশনা আছে নতুন এছঅ’পিত?

গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ! নতুন এছঅ’পি সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, ৰাজ্যজুৰি ৩৫৬টা অৱৰুদ্ধক্ষেত্ৰ আছে। ৰাজ্যজুৰি ক্ষুদ্ৰ অৱৰুদ্ধ ক্ষেত্ৰৰ সংখ্যা ৭,৩৯৬টা। ৫খন জিলাক ৭ দিনলৈ সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। লখিমপুৰ, যোৰহাট, গোলাঘাট জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰাৰ লগতে বিশ্বনাথ, শোণিতপুৰকো সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰা হৈছে। এই ৫খন জিলাত গেলামাল, ফাৰ্মাচী খোলা থাকিব সন্ধিয়া ৫ বজালৈ। সম্পূৰ্ণ কণ্টেইনমেণ্টৰ পৰা মুক্ত মৰিগাঁও আৰু গোৱালপাৰা জিলা।

মৰিগাঁও, গোৱালপাৰাত ১ বজাৰ পৰা বলবৎ হ’ব সান্ধ্যআইন। মৰিগাঁও, গোৱালপাৰাত ১২ বজালৈ খোলা থাকিব অন্য দোকানসমূহ। মৰিগাঁও-গোৱালপাৰাত ৫ বজালৈ খোলা থাকিব গেলামালৰ দোকানসমূহ। অন্য ২৭খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা ১২ ঘণ্টাৰ বাবে সান্ধ্যআইনৰ ব্যৱস্থা কৰা হৈছে। এয়াৰপ’ৰ্ট, ৰে’ল ষ্টেচনত পূৰ্বোত্তৰৰ যাত্ৰীৰো ক’ভিড পৰীক্ষা কৰা হ’ব। প্ৰশাসনৰ চোকা নজৰত থাকিব ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁও জিলা। আন্তঃজিলা যাতায়াতৰ বন্ধৰ সময়সীমা এসপ্তাহলৈ বৃদ্ধি কৰা হৈছে। মৃতকৰ সৎকাৰ, বিবাহানুষ্ঠান আৰু ধৰ্মীয় কাৰ্যত সৰ্বাধিক ১০জন লোক উপস্থিত থকাৰহে অনুমতি প্ৰদান কৰা হৈছে। এছঅ’পি অনুসৰি ঈদৰ নামাজ পঢ়িব লাগিব স্ব-গৃহতে, ৰাজহুৱা নামাজ নকৰিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। মছজিদত ৫জনেহে আদায় কৰিব পাৰিব ঈদৰ নামাজ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
moderate rain
26.7 ° C
26.7 °
26.7 °
92 %
1kmh
100 %
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °
Sat
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular