spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকহৃদয়বিদাৰক! আৰ্থিক দৈন্যতাৰ বাবে আত্মহননৰ অপচেষ্টা

হৃদয়বিদাৰক! আৰ্থিক দৈন্যতাৰ বাবে আত্মহননৰ অপচেষ্টা

ডিজিটেল ডেস্ক : আৰ্থিক দৈন্যতাৰ চাপ সহিব নোৱাৰি গাত জুই লগাই আত্মহননৰ অপচেষ্টা এগৰাকী মহিলাৰ। অচিন ৰোগত আক্ৰান্ত মহিলাগৰাকীক চিকিৎসাৰ বাবে পৰিয়ালৰ নাই আৰ্থিক সামৰ্থ্য। মুকালমুৱাৰ দৰংঙ্গীপাৰাত সংঘটিত এক হৃদয়বিদাৰক ঘটনা।

স্মৰ্তব্য যে, দৰিদ্ৰতাই কোঙা কৰা এটা পৰিয়ালৰ এগৰাকী মহিলাই গাত জুই লগাই আত্মহননৰ অপচেষ্টা চলায়। আৰ্থিক দৈন্যতাই জীৱনৰ চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰাই মহিলাগৰাকীক। দৰংঙ্গীপাৰা গাঁৱৰ ছাহজাহান আলীৰ পত্নী ছিয়াভান বিবি নামৰ মহিলাগৰাকীয়ে নিজৰ শৰীৰত নিজে কেৰাচিন ঢালি চলাইছিল আত্মহননৰ অপচেষ্টা।

উল্লেখযোগ্য যে, মহিলাগৰাকীয়ে প্ৰায় দুমাহৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ আছে। দিনহাজিৰা কৰা স্বামীয়ে কোনোমতে কিছু পৰিমাণে চিকিৎসা কৰিছে যদিও আৰোগ্য লাভ কৰা নাই মহিলাগৰাকী। আনকি মহিলাগৰাকী কি ৰোগত আক্ৰান্ত হৈছে সেয়াও এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই তেওঁলোকে।

আনহাতে, মহিলাগৰাকীৰ উন্নত চিকিৎসা কৰিবলৈও দৰিদ্ৰ পৰিয়ালটি আৰ্থিকভাৱে অসমৰ্থ্য। যাৰ ফলত দুগৰাকী কন্যা সন্তানৰ মাতৃ ছিয়াভান বেগম নামৰ মহিলাগৰাকীয়ে নিজৰ বেমাৰত অতিষ্ঠ হৈ অৱশেষত এনেদৰে আত্মহননৰ অপচেষ্টা চলাইছে বুলি জানিব দিয়ে স্বামী তথা পৰিয়ালৰ লোকসকলে।

মহিলাগৰাকীয়ে স্বামীৰ অনুপস্থিতিৰ সুযোগ লৈ ঘৰৰ ভিতৰত কেৰাচিন ঢালি নিজৰ শৰীৰত অগ্নিসংযোগ কৰি আত্মহননৰ অপচেষ্টা চলাই যদিও সৌভাগ্যক্ৰমে ওচৰ-চুবুৰীয়া লোকৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰে। পৰৱৰ্তী সময়ত মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অগ্নিদগ্ধ মহিলাগৰাকীক। মহিলাগৰাকীৰ শৰীৰৰ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হোৱা বুলি কয় চিকিৎসকে‌। সেয়েহে ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰে অগ্নিদগ্ধ মহিলাগৰাকীক। পৰিতাপৰ বিষয় যে দৰিদ্ৰ লোকৰ চিকিৎসাৰ কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি আছে যদিও কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই এই দৰিদ্ৰ পৰিয়ালটোক‌। যাৰ ফলত আৰ্থিক দৈন্যতাত ভোগী এনে অনাকাংশিত সিদ্ধান্তৰ লয় ছিয়াভান বেগম নামৰ মহিলাগৰাকীয়ে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular