spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeআন্তঃৰাষ্ট্ৰীয়এয়া সুখৰ চকুপানী! ৭৪ বছৰৰ পাছত পুনঃমিলন হোৱা দুই ভাতৃক লৈ বিশ্বজুৰি...

এয়া সুখৰ চকুপানী! ৭৪ বছৰৰ পাছত পুনঃমিলন হোৱা দুই ভাতৃক লৈ বিশ্বজুৰি চৰ্চা

ডিজিটেল ডেস্কঃ ভাৰত বিভাজনৰ সময়৷ ১৯৪৭ চনত ইণ্ডো-পাকিস্তান বিভাজন হৈছিল, এই বিভাজনৰ আঘাত কিন্তু এতিয়াও বহুপৰিয়ালৰ হৃদয়ত সজীৱ হৈ আছে। ভাৰত বিভাজনত কেৱল দুখন দেশ বিভক্ত হোৱা, একে সময়তে বহুতো মানুহ এজনে আনজনৰ পৰা পৃথক হ’বলগা হৈছিল, অৰ্থাৎ বহুতো পৰিয়াল দিশহাৰা হৈ পৰিছিল৷ হয়তো আজিও তেনেকুৱা বহুতো পৰিয়াল ওলাব, যিয়ে ভাৰত বিভাজনৰ সময়ত দিশহাৰা হোৱাৰ পাছত আজিও কোনো শুংসূত্ৰ নাই৷  ১৯৪৭ত মানৱ ইতিহাসৰ সৰ্ববৃহৎ গণপ্ৰব্ৰজনৰ সময়ত কমেও ২০নিযুত লোক স্থানচ্যুত হৈছিল৷ ভাৰত-পাকিস্তান বিভাজনৰ সময়ত তেনে এটা পৰিয়াল পৃথক হৈছিল। আৰু সেই পৰিয়ালটো এতিয়া পুনঃমিলন হোৱা খবৰটোৱে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহম্মদ চিদ্দিকী আৰু ভাতৃ মহম্মদ হাবিব ভাৰত বিভাজনৰ সময়তে সন্ধানহীন হৈ পৰিছিল৷ মহম্মদ চিদ্দিকী পাকিস্তানৰ ফৈজালাবাদত বাস কৰে, আনহাতে তেওঁৰ ভায়েক হাবিব ভাৰতৰ পঞ্জাৱত বাস কৰে। প্ৰায় ৭৪ বছৰৰ পাছত দুয়োজন ককায়েক-ভায়েকৰ পুনঃমিলন ঘটিছে৷

ভাৰত আৰু পাকিস্তান বিভাজনৰ ৭৪ বছৰ পাছত, পাকিস্তানৰ গুৰুদ্বাৰা দৰবাৰ চাহিবত তেওঁলোকৰ মিলন হৈছে, কৰতাৰপুৰ কৰিডৰত ইজনে সিজনক সাবটি ধৰি কান্দোনত ভাগি পৰিছে। দুয়োজন বিচ্ছিন্ন ভাতৃৰ ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে্।

ককায়েক-ভায়েক এতিয়া সীমান্তৰ কৰতাৰপুৰ ক’ৰিডৰ খুলি দুয়াৰ বাবে দুয়োখন দেশৰ চৰকাৰক ধন্যবাদ জনাইছে৷ এই ক’ৰিডৰৰ জৰিয়তে, ভাৰতৰ জনসাধাৰণে কোনো ভিছা অবিহনে পাকিস্তানৰ কৰতাৰপুৰ ক’ৰিডৰলৈ যাব পাৰে। ভাৰতৰ জনসাধাৰণে কৰতাৰপুৰ ক’ৰিডৰৰ যোগেদি অনুমতি অবিহনে পাকিস্তানৰ ভূমিত ভৰি দিব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular