spot_img
26 C
Guwahati
Wednesday, September 29, 2021
Homeক্ৰীড়াউপ-আৰক্ষী অধীক্ষকৰ পদ হকী খেলুৱৈ বৰুণ কুমাৰলৈ

উপ-আৰক্ষী অধীক্ষকৰ পদ হকী খেলুৱৈ বৰুণ কুমাৰলৈ

শিমলাঃ চলিত অলিম্পিকৰ সামৰণি পৰিবলৈ মাজত মাথো কেইটামান মুহূৰ্ত। ভাৰতীয় পুৰুষ হকী দলে ৪১বছৰ পাছত ইতিহাস সৃষ্টিৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অলিম্পিকত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈক লৈ গৌৰৱাম্বিত দেশবাসী। ক্ৰীড়াবিদ সকলৰ প্ৰদৰ্শনৰ বাবে ৰাজ্যসমূহে স্বীকৃতি প্ৰদান কৰিছে প্ৰতিগৰাকী খেলুৱৈক। শেহতীয়াকৈ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে শুকুৰবাৰে চম্বা জিলাৰ ডেলহাউছীৰ বাসিন্দা বৰুণ কুমাৰৰ বাবে ১ কোটি টকাৰ বঁটা ঘোষণা কৰে। ট’কিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষ হকী দলত অংশগ্ৰহণ কৰিছিল বৰুণ কুমাৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে চলিত বৰ্ষাকালীন অধিৱেশনৰ পঞ্চম দিনা বিধানসভাত এই কথা ঘোষণা কৰিছে। প্ৰতিভাৰ স্বীকৃতি স্বৰূপে বৰুণ কুমাৰক ১ কোটি টকাৰ নগদ বঁটা প্ৰদানৰ উপৰিও খেলুৱৈগৰাকীক উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে। লগতে তেওঁ কয়, হিমাচলৰ এজন খেলুৱৈ অলিম্পিকত অংশ লোৱাতো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয়।


উল্লেখ্য যে, ডেলহাউছীৰ কংগ্ৰেছ বিধায়ক আশা কুমাৰীয়ে সদনত সদৰী কৰিছিল যে, বৰুণ কুমাৰৰ পৰিয়ালটো কেইবছৰমান পূৰ্বে পঞ্জাৱৰ জলন্ধৰলৈ স্থানান্তৰিত হৈছিল। কংগ্ৰেছ বিধায়িাকা গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক চম্বা জিলাত উন্নত ক্ৰীড়াৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল যাতে অইন খেলুৱৈসকলে উচিত প্ৰশিক্ষণ লাভ কৰিব পাৰে। ডেলহাউছীত এখন ক্ৰীড়া একাডেমী স্থাপনৰো দাবী জনায় বিধায়িকা গৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26 ° C
26 °
26 °
89 %
0kmh
75 %
Wed
31 °
Thu
31 °
Fri
32 °
Sat
32 °
Sun
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular