spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeৰাষ্ট্ৰীয়সকলো প্ৰাপ্তবয়স্কক ভেকচিন দিয়া দেশৰ প্ৰথমখন ৰাজ্য হিচাপে চিহ্নিত হ'ল হিমাচল প্ৰদেশ

সকলো প্ৰাপ্তবয়স্কক ভেকচিন দিয়া দেশৰ প্ৰথমখন ৰাজ্য হিচাপে চিহ্নিত হ’ল হিমাচল প্ৰদেশ

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। হিমাচল প্ৰদেশ সকলো প্ৰাপ্তবয়স্কৰ ক’ৰোনা টিকাকৰণ সম্পূৰ্ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈ পৰিছে। চৰকাৰী মুখপাত্ৰৰ দ্বাৰা এই কথা সদৰী কৰা হৈছে। ৫৩,৮৬,৩৯৩ জন প্ৰাপ্তবয়স্ক লোকক ভেকছিনৰ দ্বিতীয় পালি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

মুখপাত্ৰজনে কয় যে হিমাচল প্ৰদেশ ইয়াৰ সমগ্ৰ প্ৰাপ্তবয়স্ক লোকসকলক ভেকছিনৰ প্ৰথম পালি দিয়াৰ ক্ষেত্ৰতো প্ৰথমখন ৰাজ্য আছিল। এই সাফল্য আগষ্টৰ শেষত প্ৰাপ্ত কৰা হৈছিল। দুয়োটা পালিৰ সৈতে প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ বছৰৰ ওপৰৰ সকলো লোকৰ ১০০ শতাংশ টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰে হিমাচল প্ৰদেশে।

দেওবাৰে ৰাজ্যখনৰ কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলক সন্মান জনোৱাৰ বাবে বিলাসপুৰৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত(এইমছ) এক অনুষ্ঠানৰ আয়োজন কৰা হয়। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া অনুষ্ঠানটোত উপস্থিত আছিল। তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজীৱ চাইজালেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular