Google search engine
35 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকদিল্লীত মুখ্যমন্ত্ৰী : ৰাষ্ট্ৰপতিক কাজিৰঙা ভ্ৰমণৰ বাবে আমন্ত্ৰণ ডঃ শৰ্মাৰ

দিল্লীত মুখ্যমন্ত্ৰী : ৰাষ্ট্ৰপতিক কাজিৰঙা ভ্ৰমণৰ বাবে আমন্ত্ৰণ ডঃ শৰ্মাৰ

নতুন দিল্লী : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক কাজিৰঙা ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ সৈতে ৩০০ দিনৰ শিশুৰ আহাৰ লাভ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে৷

ইপিনে, কাৰ্বি আংলঙত কয়লাৰ খনিসমূহক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও আলোচনাত মিলিত হয় ডঃ শৰ্মা৷ আলফা স্বাধীনৰে আলোচনাৰ প্ৰসংগত তেওঁ গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰি কয়, পৰেশ বৰুৱাৰে সন্মানজনক স্থিতিত আলোচনা হ’ব লাগিব, সাৰ্বভৌমত্বৰ দাবী পৰেশ বৰুৱাইও এৰিব নোৱাৰে আমিও ধৰিব নোৱাৰোঁ৷ গতিকে আলফা(স্বাধীন) আৰু চৰকাৰৰ মাজত আলোচনাৰ বাবে এটা মধ্যমপন্থা লাগিব বুলি তেওঁ মন্তব্য কৰে৷

মেট্ৰিক পৰীক্ষা সম্পৰ্কেও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ এইবাৰ যিসকলে পৰীক্ষাত পাছ কৰিব, তেওঁলোকে চাকৰি পোৱা নোপোৱাটোক লৈ ভুল বুজাবুজি হৈছে বুলি তেওঁ মন্তব্য কৰে৷ ই এক ছিৰিয়াছ সামাজিক সমস্যা, ইমান টুলুঙা নহয়। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি এনে ভালেমান বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
35 ° C
35 °
35 °
59 %
0kmh
40 %
Sat
33 °
Sun
32 °
Mon
30 °
Tue
31 °
Wed
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular