spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকমূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি

মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি

গুৱাহাটীঃ আজিৰ কেবিনেট বৈঠকৰ পাছতে ‘ষ্টাফ কলেজ’ত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহৰ উপৰি আজি চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ‘এক লাখ নিযুক্তিৰ ৰূপোৱালি যাত্ৰা আজিৰেপৰা আৰম্ভ হ’ব’- বুলিও শৰ্মাই উল্লেখ কৰে। মাইক্ৰ’ ফাইনেন্সৰ লোণ মাফ কৰাৰ ক্ষেত্ৰত কাইলৈ কোম্পানীসমূহৰ লগত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হ’ব বুলিও সদৰী কৰে। ‘এনএলএফবি’ক মূল সুঁতিলৈ ঘূৰাই অনাটো চৰকাৰৰ সফলতা বুলিও দোহাৰে। ‘কুকি উগ্ৰপন্থীয়েও সম্পূৰ্ণৰূপত অস্ত্ৰসম্বৰণ কৰিব!’- বুলিও সাংবাদিকসকলক জানিবলৈ দিয়ে। ‘জল-জীৱন মিছন’ৰো ক্ষেত্ৰতো মন্তব্য আগবঢ়ায় শৰ্মাই। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহনিৰ্মাণ আগন্তুক ৩১ আগষ্টৰ পূৰ্বে ৭ লাখ গৃহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব। অসমৰ ভূমি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈছে বুলিও উল্লেখ কৰে তেওঁ।

‘এপিডিচিএল’-এ প্ৰতিমাহে ৬০০ কোটি টকা ৰাজহসংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলিও ব্যক্ত কৰে শৰ্মাই। গুৱাহাটীত তিনিখন ‘উদ্যান পাম’ আৰম্ভ কৰাৰ কথাও কয়। বিটিচি অঞ্চললৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰা বুলি পুনৰ দোহাৰে মন্ত্ৰীগৰাকীয়ে। ‘কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত অসম আগবাঢ়িছে’-বুলিও কয়। প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ কাম আৰম্ভ হৈছে বুলিও মন্তব্য দাঙি ধৰে শৰ্মাই। ৬ লাখ টনলৈ ধান ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদমেলত উল্লেখ কৰে। বৰ্তমান ৰাজ্যৰ বিত্তীয় শক্তি বৃদ্ধি হৈছে বুলি সদৰী কৰে তেওঁ। দেশৰ ভিতৰতে বিত্তীয় ক্ষেত্ৰত শক্তিশালী হৈছে অসম।

বিগত তিনিমাহত চাহ জনগোষ্ঠীৰ দৰমহা ২০৫ টকা কৰাটোও এক সফলতা বুলি কয়। আজিৰেপৰা অৰুণোদয়ৰ ধন প্ৰতিমাহে ১০০০ টকা কৰাৰ কথা ঘোষণা কৰে। গুৱাহাটীৰ সকলো বাছ ইলেকট্ৰিক হ’ব বুলিও জানিবলৈ দিয়ে তেওঁ। ‘এএছটিচি’-এ কোনো পেট্ৰ’ল-ডিজেলৰ বাছ ভৱিষ্যতে ব্যৱহাৰ নকৰে বুলিও উল্লেখ কৰে। ২০০খন ইলেকট্ৰিক বাছ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে। বৰ্তমানলৈ ৪০০তকৈ অধিক সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে শৰ্মাই। প্ৰতিমাহত এখন জিলাত এখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। ভূগোল আৰু বুৰঞ্জী সকলো ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে অধ্যয়ন কৰিব লাগিব বুলিও সদৰী কৰে শৰ্মাই।

১০০খন চিএনজি বাছো ক্ৰয় কৰিব। তাৰ বাবে এটা প’ৰ্টেল খুলিব চৰকাৰে। ক’ভিডৰ বাবে বন্ধ হৈ থকা বাছৰ চালক-হেণ্ডিমেনসকলক ১০,০০০কৈ টকা সাহায্য হিচাপে প্ৰদান কৰিব চৰকাৰে। ‘STREET VENDOR’কো অতি সোনকালে দিয়া হ’ব সাহায্য। পূজাৰী আৰু নামঘৰীয়াক ১৫ হাজাৰকৈ টকা দিয়া হ’ব বুলিও ব্যক্ত কৰে। গুৱাহাটীৰ সকলো বাছক পৰ্যায়ক্ৰমে ইলেকট্ৰিক কৰা হ’ব। আগন্তুক বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য হ’ব অসমত। প্ৰতিখন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হ’ব। প্ৰতিখন জুনিয়ৰ কলেজত নৱম দশম শ্ৰেণীক অন্তৰ্ভুক্ত কৰা হ’ব। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে হ’ব। মূল্যবৃদ্ধি ৰোধ কৰিব ৰাজ্য চৰকাৰে নোৱাৰে, সেয়ে ‘অৰুণোদয়’ আঁচনি প্ৰযোজ্য কৰা হ’ব বুলিও উল্লেখ কৰে শৰ্মাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular