spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিক২৪ নৱেম্বৰত বঙাইগাঁৱত কেবিনেট বৈঠক; চৰকাৰৰ চমক সৃষ্টি নে সমস্যা সমাধানৰ কাৰ্যকৰী...

২৪ নৱেম্বৰত বঙাইগাঁৱত কেবিনেট বৈঠক; চৰকাৰৰ চমক সৃষ্টি নে সমস্যা সমাধানৰ কাৰ্যকৰী পদক্ষেপ?

ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ জৰিয়তে নতুন চমক দিবলৈ আৰম্ভ কৰিছে। এইবাৰ এই বৈঠক অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বহাইগাঁৱত। চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক অহা ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত হ’ব। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ লোৱাটোক বিভিন্ন দল সংগঠনে প্ৰশংসনীয় পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে যদিও এই বৈঠকৰ সিদ্ধান্তৰ কাৰ্যকৰীকৰণেহে যে ফলপ্ৰসুতা কঢ়িয়াই আনিব সেইকথাত নিশ্চয় কাৰো দ্বিমত নাই।


মন কৰিবলগীয়া যে, বঙাইগাঁও এখন খিলঞ্জীয়া কোঁচ ৰাজবংশী জনগোষ্ঠী বসতিপ্ৰধান জিলা, জিলাখনৰ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক উত্তৰণৰ দিশত স্বাধীনতাৰ সুদীৰ্ঘ কাল পাছতো বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। এসময়ৰ ঐতিহ্যমণ্ডিত কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে সাংবিধানিক সুৰক্ষাৰ অভাৱত আজি নিজৰ ভূমিতেই গৃহহীন হৈ নি:শেষ হোৱাৰ উপক্ৰম হৈছে। জনগোষ্ঠীটোৰ সৰ্ব দিশতে উত্তৰণৰ স্বাৰ্থত জনগোষ্ঠীটোক শীঘ্ৰেই জনজাতিকৰণৰ আওতালৈ আনি তথা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ভৌগোলিক পৰিসৰ বৃদ্ধি কৰি অধিক ক্ষমতাসম্পন্ন স্বায়ত্তশাসিত পৰিষদ গঠনৰে জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰণ অধিকাৰ সুনিশ্চিত কৰা সন্দৰ্ভত কেবিনেট বৈঠকত ইতিবাচক সিদ্ধান্ত ল’ব বুলি বিভিন্ন দল সংগঠনে আশা প্ৰকাশ কৰিছে।

অসমৰ ভূমিপুত্ৰ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণ, সাংবিধানিক সুৰক্ষা, সংৰক্ষণ, উন্নয়ন আৰু উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা কেবিনেটৰ বঙাইগাঁও বৈঠকত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত অমীমাংসিত হৈ থকা কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰা আৰু জনজাতিকৰণৰ দীৰ্ঘদিনীয়া সমস্যাৰ এক ৰাজনৈতিক ইতিবাচক সমাধান সূত্ৰ উলিয়াবৰ বাবে কোঁচ-ৰাজবংশী জাতীয় সংগঠন, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত তৎকালেই এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি আগন্তুক সংসদ অধিৱেশনতে সমাধানৰ ব্যবস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে কোচ ৰাজবংশী জাতীয় পৰিষদে।

কোঁচ-ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে এটা প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিকভাৱে পিছপৰা জিলাখনৰ সদৰত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিতকৰণৰ সিদ্ধান্তই জিলাবাসীৰ লগতে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। নেতা দুগৰাকীয়ে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাসমূহ সংৰক্ষণ কৰাৰ লগতে সম্প্ৰসাৰণৰ বাবে বঙাইগাঁৱত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত বিশ্ব মহাবীৰ চিলাৰায় কলা ক্ষেত্ৰ, মহাৰাজ নৰনাৰায়ণৰ নামত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় নামাকৰণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয় আৰ চিলাৰায় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ কাম সোনকালে সমাপ্ত কৰি পাঠদানৰ ব্যৱস্থা কৰা, অবিভক্ত গোৱালপাৰা জিলাক শৈক্ষিক দিশত বিশেষ ভাৱে অৰিহণা আগবঢ়োৱা তপস্বী ৰাণী অভেশ্বৰীৰ নামত নতুবা কমতাপুৰ নামেৰে পূৰ্ণাংগ বিশ্ববিদ্যালয় স্থাপন কৰা, শশী ভাৱৰীয়াৰ নামত এখন চৰকাৰী বি এড কলেজ স্থাপনৰ বাবে কেবিনেট বৈঠকত সিদ্ধান্ত ল’বলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।


তদুপৰি সোণালী বান্দৰ আৰু অন্যান্য জীৱ-জন্তুৰ ৰম্যভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰি পৰ্যটনৰ এক স্থলী গঢ়ি তোলাৰ লগতে চাপাগুৰিৰ পৰা উত্তৰ শালমাৰা সংলগ্ন চিলাৰায় পথৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাজ বিজিত নাৰায়ণৰ নামত এটা বিকল্প পথ নিৰ্মাণৰ বাবে বিবৃতিটোত অনুৰোধ জনোৱাৰ লগতে বিজনী, চিদলী, গৌৰীপুৰ আৰু চিকনাঝাৰৰ ৰাজ ঐতিহ্যক সংৰক্ষণ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে সংগঠনটোৱে। নেতাদ্বয়ে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত বীৰ চিলাৰায় সামাজিক-সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰৰ উন্নয়ন আৰু বিকাশৰ বাবে পাঁচ কোটি টকাৰ এক পেকেজ ঘোষণা কৰাৰ আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পূৰ্বে বঙাইগাঁও অঞ্চলৰ দল-সংগঠন তথা সাধাৰণ ৰাইজৰ এনেবোৰ প্ৰত্যাশা পূৰণ কৰা তথা কেবিনেটত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ শীঘ্ৰেই কাৰ্যকৰী কৰাটো চৰকাৰৰ বাবে হ’ব এটা প্ৰত্যাহ্বান। কিন্তু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে চৰকাৰে এনেদৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি থকাটো এটা চমকৰ বাহিৰে যে আন একো নহ’ব সেয়াও নিশ্চিত বুলিব পাৰি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular