spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকএকে একে দুই, মামা তুমি জুই... কোন ভাগিনৰ চেনেহত উটি-ভাহি গ’ল মুখ্যমন্ত্ৰী?

একে একে দুই, মামা তুমি জুই… কোন ভাগিনৰ চেনেহত উটি-ভাহি গ’ল মুখ্যমন্ত্ৰী?

শিৱসাগৰ: ‘একে একে দুই, মামা তুমি জুই…’-ধ্বনিৰে মুখৰিত হৈ পৰিল শিৱসাগৰ মহাবিদ্যালয়। আজি শিৱসাগৰ কলেজৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী উপলক্ষে আজি শিৱসাগৰ কলেজত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা। গায়ন-বায়নেৰে আদৰি অনা মুখ্যমন্ত্ৰীগৰাকীক এনচিচিৰ তৰফৰ পৰা ‘গাৰ্ড অব অ’নাৰ’ প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ ব্যাপক উৎসাহ আৰু অভিবাদনৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ কলেজৰ দুই খনিকৰ ক্ৰমে পদ্মধৰ চলিহা আৰু পৰাগধৰ চলিহাৰ দুই মূৰ্তি উন্মোচন কৰে।

শিৱসাগৰ মহাবিদ্যালয়ক অনাগত তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়ৰ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে। শিৱসাগৰ মহাবিদ্যালয়লৈ ৫ কোটিৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কলেজৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে চাহমেলত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মত-বিনিময় কৰে। উক্ত অনুষ্ঠানতে ড০ সব্যসাচী মহন্ত আৰু ৰীতা বৰাৰ সম্পাদনাত প্ৰকাশ কৰা ‘কথা ক’ত জীৱনৰ প্ৰেম’ নামৰ গ্ৰন্থখন উন্মোচন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে কলেজৰ প্ৰাক্তন অধ্যাপক শৰৎ মহন্তৰ সোঁৱৰণীত তেওঁৰ পৰিয়ালে আগবঢ়োৱা এক মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে।

বিহাৰৰ তুলনাত অসমৰ শিক্ষাৰ্থীয়ে আএএছ, আইপিএছ অথবা সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত স্থান লাভ নকৰাত খোদ প্ৰকাশ মুখ্যমন্ত্ৰীৰ। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিব পৰা ফেচবুক লাইভ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘এই চৰকাৰখন দুখীয়া-দৰিদ্ৰৰ বাবে মমতাময়ী, বিকাশৰ ক্ষেত্ৰত দুৰন্ত গতি আৰু যেতিয়া অমানৱীয় শক্তিক দমন কৰিবলৈ অত্যন্ত কঠোৰতম চৰকাৰ।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular