spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াকোহলী নহয় ৰোহিতেই শ্ৰেষ্ঠ! ইডেন গাৰ্ডেনত ‘বিৰাট’ অভিলেখৰ দিশে হিটমেন

কোহলী নহয় ৰোহিতেই শ্ৰেষ্ঠ! ইডেন গাৰ্ডেনত ‘বিৰাট’ অভিলেখৰ দিশে হিটমেন

নতুন দিল্লীঃ কোন শ্ৰেষ্ঠ? কোহলী নে ৰোহিত? আজি ভাৰত-নিউজিলেণ্ড শৃংখলাৰ তৃতীয় টি-২০। সন্মানৰক্ষাৰ যুঁজত খেলপথাৰত অৱতীৰ্ণ হ’ব নিউজিলেণ্ড। আকোঁৰগোজ ভাৰতৰ লক্ষ্য কিৱি বাহিনীক হোৱইট ৱাছ কৰাৰ। নিশ্চিতভাৱে ৰোহিত-ৰাহুলৰ যুটীয়ে ভাৰতীয় ক্ৰিকেট দলটোক অধিক উত্‍সাহিত কৰিছে। বিৰাটৰ অনুপষ্ঠিটিত ৰোহিতেই কান্ধ পাতি লৈছে দলটোৰ দ্বায়িত্ব। এইবাৰ অধিনায়কৰ ৰূপত ইডেন গাৰ্ডেনত নেতৃত্ব দিব ৰোহিতে। কলকাতাৰ খেলপথাৰত ৰোহিতৰ ৰেকৰ্ডো ভাল। এদিনীয়া ক্ৰিকেটত দ্বিশতক, টেষ্টত শতকৰ উপৰি ইডেন গাৰ্ডেনত মুম্বাই ইণ্ডিয়ানছৰ হৈও সফল হৈছিল ৰোহিত শৰ্মাই।

এইবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত বিৰাট কোহলী ৰ অভিলেখ ভংগ কৰাৰ সুবৰ্ণ সুযোগ আছে ৰোহিতৰ হাতত। উল্লেখ্য যে, ৰোহিতে এতিয়ালৈকে এই শৃংখলাটোত ১০৩ ৰান সংগ্ৰহ কৰিছে। টি-২০ ক্ৰিকেটত ৰোহিতৰ মুঠ ৰান ৩১৪১। ৰোহিতে আৰু মাত্ৰ ৮৭ ৰান কৰিব পাৰিলেই কোহলীৰ অভিলেখ ভংগ কৰিব। কোহলীক অতিক্ৰম কৰি সৰ্বাধিক ৰানৰ গৰাকী হোৱাৰ এই সুযোগৰ সত্‍ ব্যৱহাৰ ৰোহিতে কিদৰে কৰে সেয়াহে হ’ব লক্ষ্যণীয়। উল্লেখ্য যে, টি-২০ ক্ৰিকেটত কোহলীয়ে ৩২২৭ ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় বেটছমেন হিচাপে টি-২০ ক্ৰিকেটত সম্প্ৰতি কোহলীয়েই সৰ্বাধিক ৰানৰ গৰাকী। ৰোহিত শৰ্মাই কোহলীক অতিক্ৰম কৰিব পাৰিব নে নাই সেয়া কিছুসময়ৰ পাছতে স্পষ্ট হৈ পৰিব। ইফালে, তিনিখন খেলৰ শৃংখলাত ভাৰত ২-০ত আগবাঢ়ি আছে। ৰোহিত বাহিনীয়ে জয়পুৰ আৰু ৰাঁচীত অনায়াসে সহজ লক্ষ্যত উপনীত হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular