spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeব্ৰেকিং নিউজ৩০ দিনত ৮৫ গৰাকী কয়দীৰ দেহত এইচআইভি পজিটিভ

৩০ দিনত ৮৫ গৰাকী কয়দীৰ দেহত এইচআইভি পজিটিভ

নগাঁও : এইডছৰ হটস্পটত পৰিণত হৈছে নগাঁৱৰ বিশেষ আৰু কেন্দ্ৰীয় কাৰাগাৰ দুখন। দুয়োখন কাৰাগাৰৰ কয়দীৰ মাজত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচআইভি পজিটিভৰ সংখ্যা। বিগত ছেপ্টেম্বৰ মাহত দুইখন কাৰাগাৰত সৰ্বমুঠ ৮৫ গৰাকী কয়দীৰ দেহত ধৰা পৰিছে এইচআইভি৷

ইয়াৰ ভিতৰত বিশেষ কাৰাগাৰত ৪৫ আৰু কেন্দ্ৰীয় কাৰাগাৰত ৪০ জন কয়দী। আনহাতে অক্টোবৰ মাহত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এইচআইভি পজিটিভ।

উল্লেখ্য যে, জানুৱাৰীৰ পৰা জুলাই মাহলৈ মুঠ ৮৫ জন ব্যক্তিৰ দেহত ধৰা পৰিছিল এইআইভি আৰু ইয়াৰে ৩০ গৰাকী কয়দী আছিল। জানিব পৰা মতে এই ৰোগ ধৰা পৰা কয়দীয়ে চিৰিঞ্জৰে ড্ৰাগছ ব্যৱহাৰ কৰাৰ ফলতেই এইচআইভিত আক্ৰান্ত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular