Google search engine
26.7 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিককুখ্যাত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত, ১১গৰাকীক উদ্ধাৰ

কুখ্যাত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত, ১১গৰাকীক উদ্ধাৰ

হোজাই : হোজাইৰ যমুনা গাঁৱৰ পৰা কুখ্যাত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰে আৰক্ষীয়ে৷ হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত কালি নিশা অভিযান চলাই নাৰীদেহ সৰবৰাহকাৰী চক্ৰৰ পৰা ১১গৰাকী কিশোৰী-যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰু পঢ়িব পাৰিব : ভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ !

উল্লেখ্য যে, নাৰী দেহ সৰবৰাহকাৰী চক্ৰৰ এজন যুৱক, এগৰাকী যুৱতী আৰু তিনিগৰাকী মহিলাক আটক কৰা হৈছে বুলি হোজাই জিলা উপ-আৰক্ষী অধীক্ষক দীপ্তি মালীয়ে সদৰী কৰে৷ মোৰাঝাৰ থানাৰ অন্তৰ্গত যমুনা গাঁৱৰ এখন ঘৰৰ পৰা ৯টা কাপোৰৰ বেগ উদ্ধাৰ কৰাৰ লগতে স্থানীয় এগৰাকী মহিলাৰ সহযোগত গাঁওখনৰ পথাৰৰ পৰা আৰক্ষীয়ে কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰে ৷

আৰু পঢ়িব পাৰিব : জঘন্য : ৭ বছৰীয়া শিশুক ধৰ্ষণ, চলালে হত্যাৰ চেষ্টাও

নিশা গোপন অভিযান চলাই স্থানীয় ৰাইজ, বিডিপিৰ সহযোগত উদ্ধাৰ কৰে যুৱতীকেইগৰাকীক৷ তিনিচুকীয়াৰ পৰা এই ১১গৰাকী কিশোৰীক অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ নিশা কিশোৰীকেইগৰাকীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ কথা আছিল৷ কিন্তু সেই সময়তে আৰক্ষীয়ে অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

RELATED ARTICLES

Today's Weather

Guwahati
moderate rain
26.7 ° C
26.7 °
26.7 °
92 %
1kmh
100 %
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °
Sat
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular