Google search engine
27 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিক‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ

‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ

গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ শুভাৰম্ভ কৰে৷ পূৰ্বতে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ লোকসকল অন্তৰ্ভুক্ত নাছিল৷ গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ ন-মাইলৰ চিআৰপিএফৰ শিবিৰত উপস্থিত থাকি সংস্থাটোৰ বিষয়া-জোৱানৰ সৈতে মত বিনিময় কৰে৷

আৰু পঢ়িব পাৰিব : পুনৰ ফাদিল পাকিস্তানৰ ষড়যন্ত্ৰ, জম্মু-কাশ্মীৰলৈ সুৰংগ পথেৰে সন্ত্ৰাসবাদী

‘আয়ুষ্মান ভাৰত’ আঁচনি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও৷ উল্লেখ্য যে, কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ অহা অমিত শ্বাহে পুৱা মেঘালয় ভ্ৰমণ কৰে৷ লগতে কাইলৈ অনুষ্ঠিত হ’ব লগা বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিত নলবাৰী আৰু কোকৰাঝাৰৰ জনসভাত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : ‘কা’ আমি নামানোঃ পুনৰ ক্ষোভৰ জুইত জ্বলিল ৰাজ্য

ইপিনে আজি দেশৰ প্ৰধানমন্ত্ৰীয়েও শিৱসাগৰত অনুষ্ঠিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে৷ এই সভাত ৰাজ্যৰ ১.০৬ লাখ পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হয়৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
27 °
Sun
29 °
Mon
31 °
Tue
31 °
Wed
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular