spot_img
16 C
Guwahati
16 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিকগৃহমন্ত্ৰীৰ উপস্থিতিত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ সম্পন্ন

গৃহমন্ত্ৰীৰ উপস্থিতিত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ সম্পন্ন

গুৱাহাটীঃ এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি ৫টা বিদ্ৰোহী সংগঠনৰে শান্তি চুক্তি সম্পন্ন কৰাৰ মানসেৰে ডিফুত উপস্থিত হয়৷ গৃহমন্ত্ৰীৰ উপস্থিতিত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ সম্পন্ন হয় ক্ৰমে KPLT, KLNLF, UPLF, PDCK আৰু KLFৰ লগত।

আৰু পঢ়িব পাৰিব : ‘নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তকৰ জন্মস্থানত উপস্থিত হৈ মই গৌৰৱান্বিত’- অমিত শ্বাহ

প্ৰথমে নগাঁৱৰ পুৰণিগুদামৰ ‘মহা-মৃত্যুঞ্জয়’ মন্দিৰত অনুষ্ঠিত হোৱা যজ্ঞত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে৷ যজ্ঞ সম্পন্ন হোৱাৰ পাছতে বটদ্ৰৱালৈ গমন কৰে শ্বাহে৷ বটদ্ৰৱাত ১৮৮ কোটিটকীয়া প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : যুদ্ধবিৰতি : শান্ত হ’ব জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত

গৃহমন্ত্ৰীগৰাকীয়ে ডিফু ভ্ৰমণৰ বাবে যোৱাৰ পূৰ্বে অমিত শ্বাহ, সোণোৱাল, হিমন্তৰ প’ষ্টাৰৰ লগতে তুলিৰাম ৰংহাঙৰ প’ষ্টাৰে কাৰ্বি আংলঙৰ ৰাষ্ট্রীয় ঘাইপথ ভৰি পৰা পৰিলক্ষিত হয়। উক্ত সমাৱেশস্থলীত ৫ লক্ষাধিক লোক উপস্থিত হোৱা দেখা যায়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular