spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
HomeUncategorizedৰাশিফলত আজিৰ দিনটো,কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো,কেনে হ’ব আপোনাৰ?

৩১ভাদ, শুকুৰবাৰ, ইং ১৭ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ধনলাভ কৰাৰ সম্ভৱনা আছে, সম্পদ বৃদ্ধি হ’ব, লগতে কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত দিনটোত বিবাহ প্ৰাৰ্থীসকলৰ শুভ হ’ব, ঘৰত বিবাহ কথা আলোচনা কৰিব পাৰে, কৰ্মত বিপৰীত লিংগৰ পৰা সহায়-সহযোগিতা লাভ কৰিব পাৰে, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উকীলসকলৰ কৰ্মত শুভ হ’ব, সামাজিক কৰ্মত মনত শান্তি বাঢ়িব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, বন্ধু লাভ হ’ব। আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাহস বাঢ়িব, কৰ্মত সফল হ’ব যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সন্মান লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হ’ব। আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য দেহ-মনত কষ্ট পোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন-সন্মান লাভ হ’ব, মাতৃৰ মৰম লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য উদ্বেগ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দিনটোত কৰ্মত সফল হ’ব। আজি আপুনি সজাগ নহ’লে মনত ৰাজ ভয় ভাৱ বাঢ়িব, লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : মকৰ ৰাশি ৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হ’ব। যদিও আজি আপোনাৰ মনত সামান্য উদ্বেগ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আজি আপুনি সজাগ হৈ চলিব, বিবাদৰ পৰা আঁতৰি থাকিব, নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হ’ব, কৰ্মত সফল হ’ব, আপুনি সজাগ নহ’লে মনত সামান্য খং আৰু অভিমানৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular