spot_img
28 C
Guwahati
Sunday, September 19, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

২১ ভাদ, মঙলবাৰ, ৭ ছেপ্টেম্বৰ, ২০২১


মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত বন্ধুত্ব লাভ কৰিব। আজিৰ দিনটোত সজাগ নহ’লে আনৰদ্বাৰা আপোনাৰ ক্ষতি হ’ব পাৰে। লগতে কৰ্মত সজাগ নহ’লে আপুনি নিন্দনীয় হোৱাৰো যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ গৃহসুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পিতৃ-মাতৃৰ মৰম লাভ হ’ব, কৰ্মত আজি আপুনি ধৈৰ্য্য ধৰাতো ভাল হ’ব, আজি আপুনি সজাগ নহ’লে প্ৰাপ্য ধন হানি হোৱাৰ যোগ দেখা য়ায।

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধুত্ব লাভ হ’ব, প্ৰেমৰ ক্ষেত্ৰত সফল হ’ব আজিৰ দিনটোত। লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। ‘ ৰাজসন্মান’ লাভ কৰাৰো যোগ দেখা যায়। লগতে মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ যোগাযোগ হ’ব, দ্ৰব্যলাভ হ’ব। আজি আপুনি কৰ্মত সজাগ নহ’লে সামান্য ভুল বুজাবুজি হোৱাৰ যোগে দেখা দিব।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব। সামাজিক সন্মান লাভ হ’ব।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ক্ৰীড়াৰ ক্ষেত্ৰত শুভ হ’ব। লগতে সুখ বৃদ্ধি হ’ব। আজি আপুনি সজাগ নহ’লে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফল হ’ব। আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাব বাঢ়িব পাৰে। ইফালে, সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হ’ব। কৰ্মত সফল হ’ব।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ভ্ৰমণৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত উন্নতি হ’ব। সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হ’ব। মনত সামান্য অশান্তিৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
40 %
Sun
27 °
Mon
31 °
Tue
31 °
Wed
30 °
Thu
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular