spot_img
28 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকৰীয়েল হীৰ’! কিদৰে জীৱনৰক্ষা কৰিলে ৫যাত্ৰীৰ?

ৰীয়েল হীৰ’! কিদৰে জীৱনৰক্ষা কৰিলে ৫যাত্ৰীৰ?

মাজুলী : ‘মোৰ সৈতে মোৰ মাৰ সমবয়সীয়া মহিলা এগৰাকী আছিল৷ মোৰ মাক লৈ মই চিকিৎসাৰ বাবে যোৰহাটলৈ লৈ গৈছিলো৷ নিজৰ কথা নাভাবি মই তেওঁক বচাবলৈ তৎপৰ হৈ পৰিছিলোঁ।’ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত ৫জনকৈ যাত্ৰীক উদ্ধাৰ কৰা সত্ৰৰ এগৰাকী বৈষ্ণৱ ভাষ্য এয়া৷ নিমাতী ঘাটত বুধবাৰে সংঘটিত হৈছিল শোকাৱহ দুৰ্ঘটনাটো৷ ব্ৰহ্মপুত্ৰত ‘টিপকাই’নামৰ জাহাজৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল ‘মা কমলা’ নামৰ নাওখনৰ৷ মুহূৰ্ততে মহাবাহুৰ বুকুত মৃত্যুৱে কিৰিলি পাৰিছিল! এনে সময়তে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি আনক বচাবলৈ তৎপৰ হৈ পৰিছিল সত্ৰৰ এগৰাকী ডেকা ভকত৷ আমাৰ সাংবাদিকৰে হোৱা কথোপকথনত তেওঁ বৰ্ণনা কৰিছিল শিহৰণকাৰী ঘটনাটোৰ সবিশেষ৷ আৰু নিজমুখে কৈ গৈছিল তেওঁ উদ্ধাৰৰ বিষয়ে৷ তেওঁ হৈছে মাজুলীৰ আউনীআটি সত্ৰৰ বৈষ্ণৱ জয়ন্ত মাধৱ শইকীয়া(৩৫)৷

ভয়ংকৰ নাও দুৰ্ঘটনাটোত বৈষ্ণৱজনে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৫জন লোকক৷
সেইদিনা এজন ভাতৃৰ সৈতে মই তেওঁৰ মাতৃক লগত লৈ চিকিৎসালয়লৈ গৈছিলো৷ তেওঁৰ মাতৃ মানসিকভাৱে দুৰ্বল আছিল আৰু মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁ চকুৰে কমকৈ দেখিছিল৷ আমি প্ৰায় ৪ বজাত নিমাতী ঘাটত নাৱত বহিছিলোঁ৷ জানিব পৰা মতে নাওখনে নিৰ্ধাৰিত সময়তকৈ ১৫ মিনিট আগতেই সেই স্থান এৰিছিল৷ আৰু কিছুমুহূৰ্ত যোৱাৰ পাছতেই পচণ্ড শব্দৰে আমাৰ নাৱত খুন্দা মাৰিছিল৷ সেইদিনা এটা কথাই মৃত্যুৰ সংখ্য কমালে কাৰণ আমাৰ নাওখনত ৪চকীয়া বাহন নাছিল৷’ তেওঁ লগতে কয় যে, ‘মই আন যাত্ৰীৰ সৈতে মোৰ ভাতৃৰ মাতৃক লৈ নাওখনৰ বাহন ৰখা ঠাইলৈ ঢাপলি মেলিছিলোঁ৷ এনেতে তেওঁ নাৱৰ ভিতৰত ৰৈ যোৱা মাৰ ঔষধৰ বেগটো আনিবলৈ খোজেতেই মোক ভাইটিয়ে বাধা দিয়ে আৰু এনেতেই নাওখন লুটি খাই যায় আৰু আমি যেনিতেনি চিটিকি পৰো৷’


‘নাও ওলটি যোৱাৰ পাছত এটা কথাই মনলৈ আহিছিল মাক যেনেকৈ নহওক বচাব লাগে৷ মোৰ বাবে এটা পৰিয়ালৰ মৃত্যু হ’ব নোৱাৰে৷’ আৰু এনেকৈ তেওঁ মহিলাগৰাকীক বিচাৰিবলৈ ধৰোঁতেই তেওঁৰ ভাতৃ প্ৰীতিষ বেজবৰুৱা(২৫)ক দেখি ৰচীৰ সহায়ত টানি আনে ৷ লগতে তেওঁ এইবুলিও সদৰী কৰে যে, ‘অলপ দূৰৈত মাতৃক দেখি মই তেওঁক হাতখন দিবলৈ অনুৰোধ জনালোঁ৷ মানসিকভাৱে দুৰ্বল বাবে প্ৰথমবাৰ অলপ ভাবিলে যদিও পাছলৈ মোক হাতখন দি তেওঁক বচোৱাত সহায় কৰিলে৷ এনেদৰে ভাতৃ প্ৰীতিষ বেজবৰুৱা আৰু মই ৫জনৰ লোকক বচাবলৈ সক্ষম হ’লোঁ৷’

‘নাওখন লুটি খাই যোৱাৰ বাবে আমি পানীত পৰি থকা মানুহবোৰ নাৱৰ তলিত বহাবলৈ সুবিধা পালোঁ৷ প্ৰায় ২৫জন মানুহক আমি তুলি আনি নাৱৰ তলিত বহাইছিলোঁ৷ নাওখন লুটি খাই নগৈ যদি ভাঙি পোনে পোনে পানীৰ তলত সোমাল হয়, কোনো এজনো নাবাচিলোঁ হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Mon
34 °
Tue
32 °
Wed
30 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular