spot_img
28 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকডিম্পলক কিদৰে হত্যা কৰিছিল আশ্বিকে? দিলে বিস্ফোৰক স্বীকাৰোক্তি

ডিম্পলক কিদৰে হত্যা কৰিছিল আশ্বিকে? দিলে বিস্ফোৰক স্বীকাৰোক্তি


গুৱাহাটী : বিগত দিনকেইটাত একাধিক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। নন্দিতাৰ পৰা ডিম্পললৈকে এই হত্যাকাণ্ডৰ বলি হৈছে নিৰীহ যুৱতী। শীতল মস্তিষ্কৰে হত্যাকাৰীয়ে এইসকল দুৰ্ভগীয়া যুৱতীৰ নমুৱাই দিছে জীৱনবন্তি। বুধবাৰে মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছিল এক শোকাৱহ হত্যাকাণ্ড

ডিম্পল কুমাৱত নামৰ যুৱতীগৰাকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছিল ৰাজ্য। আৰক্ষীৰ ক্ষীপ্ৰ তদন্তই এই হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰি ন ন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে। এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা আশ্বিক নামৰ ডিম্পলৰ সম্পৰ্কীয় ভাতৃগৰাকী ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ। আৰক্ষীৰ জেৰাত হত্যাকাৰী আশ্বিকে স্বীকাৰ কৰিছে ডিম্পলৰ হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাক্ৰম৷ কিদৰে পৰিকল্পিতভাৱে আশ্বিকে হত্যা কৰিছিল ডিম্পলক? প্ৰথমে পটাৰ গুটি, তাৰ পিছত চুৰি আৰু অৱশেষত প্ৰেচাৰ কুকাৰেৰে আঘাত কৰি নিৰ্মমভাৱে আশ্বিকে হত্যা কৰিছিল ডিম্পলক৷ উল্লেখ্য যে, এই অপৰাধ সংঘটিত কৰাৰ পাছত নিজৰ দোষ লুকুাৱাবলৈ ঘটনাটোক ডকাইতি কাণ্ডৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰীয়ে।

ঘৰৰ আলমিৰা খুলি ৰাখি আশ্বিকে ইয়াক লুণ্ঠনকাণ্ডৰ ৰূপ দিয়াৰ সৃষ্টি কৰিছিল৷ কিন্তু ডিম্পলৰ মৃত্যুৰ পাছত আশ্বিকৰ গতি-বিধি দেখি আৰক্ষীৰ সন্দেহ উপজিছিল আৰু পটাৰ গুটি, চুৰী আৰু প্ৰেচাৰ কুকাৰত লাভ কৰা ফিংগাৰ প্ৰিন্টৰ নমুনা পৰীক্ষা কৰাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আশ্বিকক৷ আশ্বিকে এই ঘটনাৰ সৈতে জড়িত কৰাব বিচাৰিছিল কৰণ নামৰ আন এজনক। আনকি চিণ্টু নামৰ আন এজন যুৱকক অভিযুক্ত কৰাৰ বাবে চিণ্টুৱে গম নোপোৱাকৈ আশ্বিকে তেওঁৰ ঘৰত ৰাখিছিল ডিম্পলৰ মোবাইল ফোন৷ এই স্বীকাৰোক্তিয়ে হত্যাকাৰী আশ্বিকৰ পৰিকল্পিত অপৰাধ আৰু অপৰাধক অন্য ৰূপ দিয়াৰ চেষ্টা প্ৰমাণিত কৰি তুলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
30.4 °
28 °
78 %
0kmh
40 %
Fri
33 °
Sat
33 °
Sun
34 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular