spot_img
35 C
Guwahati
Monday, September 27, 2021
Homeআঞ্চলিককেনেকৈ বাংলাদেশ পালেগৈ মঙলদৈৰ মুকুল? কি ঘটিছিল ফেনী কাৰাগাৰত? পাঁচ বছৰীয়া নিৰুদ্দেশ...

কেনেকৈ বাংলাদেশ পালেগৈ মঙলদৈৰ মুকুল? কি ঘটিছিল ফেনী কাৰাগাৰত? পাঁচ বছৰীয়া নিৰুদ্দেশ যাত্ৰাৰ পাছত কেনে আছে তেওঁ?

মঙলদৈ : ‘কাৰাগাৰত মোক ভাত দিছিল আৰু ৰুটী-চাহ দিছিল’- পাঁচ বছৰে বিদেশৰ এখন কাৰাগাৰত কাৰাৰুদ্ধ জীৱন কটোৱা লোকে স্বদেশ, স্বভূমিলৈ উভতি আহি স্মৃতি বুলি ৰোমন্থন কৰিছে মাত্ৰ এইখিনিয়েই। ৰুটী-চাহ খোৱাৰ বাদে একোৱেই মনত নাই বিগত ৫ বছৰে বাংলাদেশত কাৰাৰুদ্ধ হৈ থকা মঙলদৈৰ মুকুল হাজৰিকাৰ। সাংবাদিকৰ সৈতে কথা পতাৰ সময়ত তেওঁক মানসিকভাৱে অস্থিৰ আৰু ভাৰসাম্যহীন যেন দেখা গ’ল। সাংবাদিকে সোধা কোনো প্ৰশ্নৰে তেওঁ উত্তৰ ভালকৈ দিব পৰা নাছিল। মুখত কেৱল লাগি আছিল এটা অবোধৰ দৰে হাঁহি।

মুকুল হাজৰিকা

চলচ্চিত্ৰৰ কাহিনীৰ দৰে এই কৰুণ কাহিনীয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। এক ৰহস্যজনক পৰিস্থিতিত মঙলদৈৰ এই লোকজন গৈ পাইছিলগৈ বাংলাদেশ।

অবৈধভাৱে দেশখনত প্ৰৱেশ কৰাৰ বাবে তেওঁ সন্মুখীন হৈছিল কাৰাদণ্ডৰ। সুদীৰ্ঘ ৫বছৰ ধৰি বাংলাদেশৰ কাৰাগাৰত আবদ্ধ হৈ থকাৰ পাছত এতিয়া তেওঁ উভতি আহিছে। মঙলদৈ এইজন দৰিদ্ৰ ৰিক্সাচালক সন্ধান হৈছিল ৫বছৰ পূৰ্বেই। দৰং জিলাৰ ‌মঙলদৈ থানাৰ অন্তৰ্গত কেওটপাৰা (হোদাপাৰা) গাঁৱৰ ফুলেশ্বৰ হাজৰিকাৰ পুত্ৰ মুকুল হাজৰিকা বাংলাদেশৰ ফেনী কাৰাগাৰত কাৰাদণ্ডৰ ম্যাদ উকলাৰ পাছতো কাৰাৰুদ্ধ হৈ আছিল৷ কিয়নো তেওঁক তাৰ পৰা আনি চমজি ল’বলৈ অপাৰগ আছিল পৰিয়ালৰ লোক। সুদীৰ্ঘ পাঁচ বছৰীয়া ৰহস্যময় কাৰাৰুদ্ধ অৱস্থাৰ যৱনিকা ঘটাই মঙলবাৰে নিজ গৃহত উপস্থিত হয় তেওঁ।

মুকুল হাজৰিকা

দীঘলীয়া অনিশ্চয়তাৰ অৱসান ঘটাই মঙলবাৰে উপস্থিত হোৱা মুকুল যেন সেই ৫বছৰৰ আগৰ ৰূপ লৈ উভতি নাহিল। ৫বছৰীয়া কাৰাগাৰৰ জীৱনে তেওঁক পাহৰাই পেলালে বহু কথা। পাহৰাই পেলালে নিজৰ মাতৃভাষাও। তেওঁৰ উপস্থিতিত আৱেগিক হৈ পৰে পত্নী কাঞ্চন হাজৰিকা। কিন্তু আৱেগবিহীনভাৱে থিয় হৈ থকিল মুকুল। পাঁচবছৰ পাছত নিজ সন্তানক লগ পোৱাৰ পাছতো মুখত কোনো অভিব্যক্তি দেখা পোৱা নগ’ল মুকুলৰ। স্মৃতি শক্তি হেৰুৱাই পেলালে নেকি মুকুলে? ৫ বছৰীয়া কাৰাৰুদ্ধ জীৱনৰ কথাও ভালদৰে ব্যক্ত নকৰিলে তেওঁ। আমাৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মাথোঁ হাঁহিলে তেওঁ। কিহৰ বাবে বাংলাদেশৰ কাৰাগাৰত বন্দী হ’বলগীয়া হ’ল বা কিদৰে তেওঁ বাংলাদেশ পালেগৈ তাৰ উত্তৰ দিয়াতো অসমৰ্থ তেওঁ৷

বাংলাদেশৰ ফেনী কাৰাগাৰৰ আলোকচিত্ৰ

মাজে-সময়ে নিজৰ চিনাকি মিথুন বুলিও দিয়ে৷ অৱশ্যে মঙলদৈত আহি পোৱাত খুব ভাল লাগিছে বুলিও মন্তব্য কৰে মুকুলে৷ বাংলাদেশৰ কাৰাগাৰত চলিছিল নেকি মুকুল হাজৰিকাৰ ওপৰত অমানৱীয় অত্যাচাৰ সেয়া যেন এতিয়া ৰহস্যৰ আবৰ্তত। এনে অত্যাচাৰ তথা নিৰ্যাতনৰ বাবেই মুকুলে স্বকীয় ৰূপ পাহৰি পেলোৱাৰো আশংকা কৰা হৈছে। পিতৃয়ে জনোৱা মতে, মুকুলে বাংলাদেশৰ কাৰাগাৰত আচহুৱা পৰিৱেশত হেৰুৱাই পেলাইছে মানসিক সুস্থিৰতা৷

ঘৰত উপস্থিত হোৱাৰ পাছত মুকুল হাজৰিকা 

হোজা গাঁৱলীয়া ৰিক্সা চালকজনে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিলে তাৰ উত্তৰ আজিও নাই তেওঁৰ পৰিয়ালৰ হাতত। পুত্ৰক সুস্থ নেদেখি হাহাকাৰ কৰি উঠিছে মাতৃৰ হৃদয়। তথাপি সোশৰীৰে ঘৰলৈ ঘূৰি অহা মুকুলক কাষত পোৱাটোকেই সান্ত্বনা লভিছে পৰিয়ালে। এতিয়া পৰিয়ালৰ যত্ন আৰু সঠিক পৰিচৰ্যাই যদি তেওঁক ক্ৰমান্বয়ে সুস্থ কৰি তোলে তেতিয়াহে হয়তো ভেদ হ’ব পাঁচ বছৰে নিখোঁজ হৈ থকাৰ আঁৰৰ ৰহস্য।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
2.1kmh
40 %
Mon
35 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular