spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়এসময়ত ইৰাংজী ক'ব নোৱাৰি লাজ পোৱা হৰেকালাই কেনেকৈ লাভ কৰিলে পদ্মশ্ৰী ?

এসময়ত ইৰাংজী ক’ব নোৱাৰি লাজ পোৱা হৰেকালাই কেনেকৈ লাভ কৰিলে পদ্মশ্ৰী ?

ডিজিটেল ডেস্ক : সোমবাৰে দিল্লীৰ ৰাষ্ট্রপতি ভৱনত প্ৰদান কৰা হয় পদ্মবঁটা৷ মুঠ ১১৯ গৰাকী বিশিষ্ট ভাৰতীয়লৈ এই সন্মান আগবঢ়ায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ পদ্ম বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এগৰাকী বিশেষ ব্যক্তিয়ে৷ তেওঁ হৈছে পদ্মশ্ৰী সন্মান প্ৰাপ্ত হৰেকালা হাজাব্বাই। খালী ভৰিৰে আহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৬৮ বছৰীয়া হৰেকালাই গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান। কৰ্ণাটকৰ মাংগালোৰ চহৰ নিবাসী হাজাব্বা সমাজৰ প্ৰকৃত নায়ক।

সাধাৰণ কমলা বেপাৰী হৈয়ো অসাধাৰণ হাজাব্বা। হাজাব্বাই কমলা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে গড়ে ডেৰশ টকা। উপাৰ্জিত ধনৰ পৰাই তেওঁ ২০০০ চনত গঢ়ি তুলিছিল এখন বিদ্যালয়। হাজাব্বাই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। জন্মগাঁও নিউপাডাপুত বহুদিনলৈ নাছিল এখনো বিদ্য়ালয়। এবাৰ এজন গ্ৰাহকে কমলাৰ দাম ইংৰাজীতে সোধাত হাজাব্বাই ক’ব পৰা নাছিল।

ইংৰাজী নজনাৰ বাবে লাজ পোৱা হাজাব্বাই তেতিয়াই নিজৰ গাঁৱত এখন বিদ্য়ালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। বিদ্য়ালয় প্ৰতিষ্ঠাৰ বাবেই উপাৰ্জিত ধনৰ পৰা এটকা দুটকাকৈ জমা কৰিছিল ধন। এইদৰেই জন্ম হৈছিল হাজাব্বাৰ সপোনৰ বিদ্য়ালয়খনি। ২০০০ চনত নিজৰ মাটিত সঞ্চিত ধনেৰে স্থাপন কৰা হাজাব্বা বিদ্য়ালয় বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৭৫ গৰাকী। সম্প্ৰতিদশমমান শ্ৰেনীলৈ উন্নীত হৈছে বিদ্যালয়খন। নিজৰ কষ্টোপাৰ্জিত ধনেৰে বিদ্যালয় নিৰ্মাণ কৰা এইজন অসাধাৰণ লোকলৈ সোমবাৰে ৰাষ্ট্রপতি ভৱনত প্ৰদান কৰা হয় দেশৰ চতুৰ্থ সৰ্বোচচ্ অসামৰিক সন্মান পদ্মশ্ৰী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular