spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআন্তঃৰাষ্ট্ৰীয়শিশুৰ বাবে কিমান ভয়াৱহ ডেল্টা ?

শিশুৰ বাবে কিমান ভয়াৱহ ডেল্টা ?

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছে কেনেদৰে সমগ্ৰ বিশ্ববাসীকে আতংকিত কৰি তুলিছে সেয়া সকলোৰে অৱগত। এই মহামাৰীয়ে মানুহৰ জীৱনশৈলী সম্পূৰ্ণ সলনি কৰিবলৈ বাধ্য কৰাইছে। লাখ লাখ লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱালে। আনহাতে, সঘনাই সলনি হোৱা কৰ’না ভাইৰাছৰ প্ৰকাৰেও আতংকিত কৰিছে সকলোকে। বিশেষকৈ কৰ’না ভাইৰাছৰ ‘ডেল্টা’ প্ৰকাৰক লৈ চিন্তা বৃদ্ধি পাইছে। কিয়নো, ‘ডেল্টা’ই শিশুসকলক অধিক অসুস্থ কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ বিশেষজ্ঞসকলে জনাইছে যে, কৰ’না ভাইৰাছৰ আন প্ৰকাৰতকৈ ‘ডেল্টা’ই শিশু আৰু কিশোৰ-কিশোৰীসকলক অধিক অসুস্থ কৰিব বুলি চৰ্চিত খবৰৰ কোনো প্ৰমাণ নাই

অৱশ্যে, ‘ডেল্টা’ৰ বাবে শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে। ফ্লৰিডাৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ জনছ হপকিন্স অল চিলড্ৰেনছ হাস্পতালৰ শিশুৰ সংক্ৰামক ৰোগৰ চিকিৎসক ডাঃ জুয়ান ডুম’ইছে কয় যে, অতি সহজে সংক্ৰমণ ঘটাব পৰা ক্ষমতা থকা বাবে ‘ডেল্টা’ শিশুসকলৰ বাবে এক বিপদ সদৃশ হৈ পৰিছে। সেয়ে, বিদ্যালয়ত মাস্ক পৰিধান কৰা আৰু টিকাকৰণৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব আৰোপ কৰা হৈছে। আমেৰিকান একাডেমী অব্ পেডিয়াট্ৰিক্স এণ্ড চিলড্ৰেনছ হাস্পতাল এছ’চিয়েশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত মাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰত মাত্ৰ এটা সপ্তাহত ২,৫০,০০০গৰাকী শিশু মহামাৰীত আক্ৰান্ত হৈছিল। মহামাৰী আৰম্ভ হোৱাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ নিযুতৰো অধিক শিশুৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে, বিশ্বৰ প্ৰায় ১৮০খন দেশত ‘ডেল্টা’ৰ দ্বাৰা সংক্ৰমিত ৰোগী চিনাক্ত কৰা হৈছে। এওঁলোকৰ ভিতৰত অধিকাংশ কণ কণ শিশু আৰু কিশোৰ-কিশোৰীৰ । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত আগষ্ট মাহৰ শেষৰ ফালে আৰু ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে মহামাৰীত আক্ৰান্ত শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও কোনো শিশুৰ স্বাস্থ্যৰ অৱস্থা জটিল হোৱা নাই। ডেল্টাৰ পৰা হোৱা সংক্ৰমণৰ বাবে শিশু আক্ৰান্ত হোৱাৰ সংখ্যা বৃ্দ্ধি পাইছে যদিও অধিকাংশ শিশুৰ দেহত ৰোগৰ সাধাৰণ লক্ষণহে দেখা পোৱা গৈছে। গতিকে, অধিক শিশু আক্ৰান্ত হোৱাটোৱে এয়া প্ৰমাণিত নকৰে যে, শিশুসকলক ‘ডেল্টা’ই জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular