spot_img
16 C
Guwahati
16 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াকেৰেলাতকৈ দীঘল হৈছে গুটি! অৰ্থনীতিৰ ভেটিত কঁপনি তুলিছে বিশ্বকাপৰ পৰাজয়ে...

কেৰেলাতকৈ দীঘল হৈছে গুটি! অৰ্থনীতিৰ ভেটিত কঁপনি তুলিছে বিশ্বকাপৰ পৰাজয়ে…

নতুন দিল্লীঃ টি-২০ বিশ্বকাপত ভাৰতৰ পৰাজয়ে ভাৰতীয় ব্ৰেণ্ডসমূহক কেনেদৰে প্ৰভাৱিত কৰিছে? চলিত বিশ্বকাপৰ সৰ্বাধিক চৰ্চিত আৰু ফেভাৰিট হিচাপে শীৰ্ষ স্থানত আছিল ভাৰত। টি-২০ বিশ্বকাপৰ ভাৰতীয় ক্ৰিকেট দলটোৱে খিতাপৰ অন্যতম দাবীদাৰ বুলি অভিহিত কৰা হৈছিল। পাছে এতিয়া সেই শক্তিশালী দলটোৰে থৰক-বৰক অৱস্থা। ছুপাৰ টুৱেলভৰ প্ৰথম দুখন মেচত পৰাজিত হোৱাৰ পাছত ছেমিফাইনেলত প্ৰৱেশৰ পথো কঠিন হৈ পৰিছে টীম ইণ্ডিয়াৰ বাবে। ভাৰতৰ এই পৰাজয়ে প্ৰভাৱ পেলাইছে অৰ্থনীতিত। ভাৰতৰ অৰ্থনীতিলৈ কঢ়িয়াইছে চৰম ভাবুকি।

নিঃসন্দেহে ক্ৰিকেট ভাৰতৰ আটাইতকৈ জনপ্ৰিয় খেল। তেনেস্থলত কথাটো যদি ক্ৰিকেট বিশ্বকাপক লৈ হয়, তেতিয়া ক্ৰীড়ানুৰাগীৰ মাজত উন্মাদনা ক্ষিপ্ৰতাৰে বিয়পি পৰে। এই উন্মাদনা,উলাহৰ লগে লগে ক্ৰিকেট সম্পৰ্কীয় কথাটোৱে ব্যৱসায়িক দিশটোকো অধিক প্ৰভাৱিত কৰে। অনুৰাগী-সমৰ্থকসকলে জাৰ্ছীৰ পৰা আদি কৰি মন পছন্দৰ আন সামগ্ৰীবোৰ ক্ৰয় কৰে, ভাৰতৰ খেল উপভোগ কৰিবলৈ ৰেষ্টুৰেণ্ট বা বাৰত একেলগে বহে ক্ৰীড়াপ্ৰেমী ডেকা-গাভৰুৰ পৰা আৱাল-বৃদ্ধ-বনিতালৈকে। বিভিন্ন ব্ৰেণ্ডেও তেতিয়া ক্ৰিকেটত অধিক বিনিয়োগ কৰা পৰিলক্ষিত হৈছে। তেনেস্থলত, ফেভাৰিট দলটো পৰাজিত হ’লে অৰ্থনীতিত প্ৰভাৱ পৰাটো নিশ্চিত। মেডিচন মিডিয়া গ্ৰুপৰ অংশীদাৰ আৰু মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম ছাখুজাই ভাৰতৰ পৰাজয়ে দূৰদৰ্শনৰ ৰেটিং নিম্নগামী কৰিব বুলি আশংকা ব্যক্ত কৰিছে।

তেওঁ কয়, ‘ক্ৰিকেটৰ প্ৰতি ভাৰতীয় জনসাধাৰণ অধিক আসক্ত। বিশ্বকাপত টীম ইণ্ডিয়াৰ এনে দুৰ্যোগে চেনেলবোৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। ভাৰতৰ জয় অব্যাহত থকাৰ সময়ত চেনেলবোৰৰ ৰেটিং বৃদ্ধি পাইছিল। ভাৰতে ২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ছুপাৰ টেন পৰ্যায়ত ৪খন খেলৰ ৩খনত জয়লাভ কৰিছিল। ফলস্বৰূপে, দৰ্শকে বিভিন্ন চেনেলত সম্প্ৰচাৰিত ছুপাৰ টেন গেম ৪.৪ ৰেটিং দিছিল। পিছে এইবাৰ যিহেতু ভাৰতৰ প্ৰদৰ্শন ভাল হোৱা নাই, গতিকে বিশ্বকাপৰ ৰেটিং ৩ হ’লেও মই আচৰিত নহওঁ। খেল উপলক্ষে চেনেলবোৰত বিজ্ঞাপন দিয়া কোম্পানীবোৰৰ বাবে, ভাৰতৰ পৰাজয় এক ডাঙৰ আঘাত। অৱশ্যে, কেনেবাকৈ যদি ভাৰতে ছেমিফাইনেলত উপনীত হ’ব পাৰে, ৰেটিং পুনৰ বৃদ্ধি হ’ব।’ আনহাতে, গো-জুপ (gozoop) কোম্পানীৰ মিডিয়া সঞ্চালক সুশীল অনন্তৰামানৰ মতে, বিজ্ঞাপনদাতাসকলে এইবাৰ যি আশাৰে বিনিয়োগ কৰিছিল সিমান লাভালাভ নহ’ব। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে ভাৰতৰ বিপৰ্যয়ে বিজ্ঞাপনদাতাসকল ওপৰত মাধমাৰ সোধাব। কাৰণ, ভাৰতে ছেমিফাইনেলত উপনীত নোহোৱালৈকে যোগাত্মক আশা কৰাটো ভুল। অৱশ্যে, যদি কিবা মিৰাকল হৈ যায় আৰু ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰে তেতিয়া বিজ্ঞাপনদাতাসকলৰ চিন্তাৰ কোনো কাৰণ নাই।’ কি হ’ব এতিয়া? কোহলী ব্ৰিগেডে হেৰুৱা হাঁহি পুনৰ ঘূৰাই আনিব পাৰিবনে? তাকে লৈ চিন্তিত সকলো…!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular