spot_img
24 C
Guwahati
24 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকসন্মুখত বিশ্বজয়ৰ লক্ষ্য : ঘৰ, পৰিয়ালৰ পৰা আঁতৰি ক’ত, কিদৰে অনুশীলন চলাইছে...

সন্মুখত বিশ্বজয়ৰ লক্ষ্য : ঘৰ, পৰিয়ালৰ পৰা আঁতৰি ক’ত, কিদৰে অনুশীলন চলাইছে লাভলীনাই?

ডিজিটেল ডেস্কঃ লাভলীনা বৰগোহাঁই! অসম আৰু অসমীয়াক বিশ্বদৰবাৰত উজলাই তোলা এটা নাম। ট’কিঅ’ অলিম্পিক ২০২১ত ব্ৰঞ্জৰ পদক লাভ কৰি লক্ষ্যজনৰ অন্তৰ জয় কৰিছিল লাভলীনাই। অলিম্পিকৰ অগ্নিপৰীক্ষাত স্বৰ্ণজয়ৰ স্বৰ্ণালী স্বপ্ন নিৰ্বাপিত হৈছিল যদিও লাভলীনাই বহু নতুন সম্ভাৱনা আৰু স্বপ্নৰ জন্ম দিছে। ট’কিঅ’ অলিম্পিকৰ বহুপ্ৰত্যাশিত ছেমি ফাইনেলত তুৰস্কৰ বক্সাৰ বুছেনাজ ছুৰমেনেলিৰ হাতত তেওঁ পৰাভূত হৈছিল যদিও এই পৰাজয়ে অধিক উজ্জীৱিতহে কৰি তুলিছে লাভলীনাৰ উদ্যম তথা স্বপ্নক। বিশ্ব দৰবাৰত অসম আৰু অসমীয়াৰ শিৰ উচ্চ কৰা লাভলীনাৰ অলিম্পিক যাত্ৰা আছিল আৰম্ভণিহে মাথোন। লাভলীনাৰ সাফল্যত স্বা‌ভাৱিকতে গৰ্বিত অসমীয়া। শেহতীয়াকৈ, বিশ্বৰ বৃহৎ ক্ৰীড়া সমাৰোহত অসমৰ নাম উজলাই তোলা লাভলীনাই আগবাঢ়িছে অন্য এক লক্ষ্যৰ দিশে। ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকলৈ এতিয়াৰেপৰাই সাজু হৈছে লাভলীনা। কিদৰে সাজু হৈছে অসম কন্যা? কেনেদৰে চলাইছে প্ৰস্তুতি? এনে কেতবোৰ প্ৰশ্নৰ আঁত ধৰিয়েই ফোন-ইন-বাৰ্তালাপত আমি সংযুক্ত হৈছিলো লাভলীনাৰ পিতৃৰ সৈতে।

অলিম্পিকৰ অগ্নিপৰীক্ষাত স্বৰ্ণজয়ৰ স্বৰ্ণালী স্বপ্ন নিৰ্বাপিত হৈছিল যদিও লাভলীনাই বহু নতুন সম্ভাৱনা আৰু স্বপ্নৰ জন্ম দিছে…..


কন্যাৰ অনুশীলন প্ৰণালী তথা লাভলীনাৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভত পিতৃয়ে কয়, ‘ লাভলীনাই বৰ্তমান অনুশীলন আৰম্ভ কৰিছে। ফেডাৰেশ্যনৰ প্ৰশিক্ষকৰ পৰাই সম্প্ৰতি ট্ৰেইনিং লৈ আছে। লাভলীনাই মুঠতে এতিয়া খেলত মনোযোগ দিছে। নৱেম্বৰৰ পৰা আকৌ ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ আছে। ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, তাই এতিয়া বেমাৰৰ পৰা উঠিছেহে। সম্পূৰ্ণকৈ আৰোগ্য হোৱা নাই বুলিয়েই ক’ব পাৰি। ইউৰিন ইনফেকশ্যনৰ বাবে চিকিত্‍সকে ১৪দিনৰ জিৰণিৰ পৰামৰ্শ দিছে। চিকিত্‍সকে ৰিলিজ দিয়া আজি ৭দিন হৈছেহে।’ উল্লেখ্য যে, অনুশীলনৰ মাজতে বিগত সপ্তাহত বাংগালুৰুৰ কলম্বিয়া এছিয়া হাস্পতালত চিকিত্‍সাধীন হৈ আছিল লাভলীনা। সম্প্ৰতি লাভলীনা সুস্থ বুলি জনাইছে পিতৃয়ে। ক্ৰীড়া অনুশীলনৰ মাজতে তেওঁ পৰিয়ালৰ সৈতে কিদৰে যোগাযোগ ৰাখিছে বুলি সোধাত তেওঁ কয়, ‘পৰিয়ালৰ সৈতে মানে আমি ফোনতে কথা পাতিছোঁ। তাই আছে বাংগালুৰুত আমি আছোঁ বৰপথাৰত। গতিকে, ফোনতে দৈনিক খবৰ পাই আছোঁ। তায়ো খা-খবৰ লৈ থাকে সদায়।’

পাৰফ’মেন্সটো লাগিবই। এতিয়া ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপেই মূল লক্ষ্য হৈ পৰিছে


আনহাতে, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বৃহৎ সাফল্য কঢ়িয়াই অনাৰ পাছত অসমবাসীৰ প্ৰত্যাশাৰ সমান্তৰালকৈ লাভলীনাক লৈ আপুনি কিমান আশাবাদী বুলি সোধাত তেওঁৰ স্পষ্ট অভিমত, ‘আশাৰ কথানো কি কওঁ, শেহতীয়াকৈ অলিম্পিক গৈছেহে। আগলৈ যিবোৰ প্ৰতিযোগিতা আছে, সেইবোৰৰ বাবে তাই ভালকৈ অনুশীলন কৰক। ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আছে, কমনৱেল্থ গেমছ আছে সন্মুখত। যদি পাৰফ’মেন্স ভাল হয়, তেতিয়া অলিম্পিকক লৈ আমি কিবা এটা আশা কৰিব পাৰোঁ। পাৰফ’মেন্সটো লাগিবই। এতিয়া ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপেই মূল লক্ষ্য হৈ পৰিছে। ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপৰ পাছতে পৰৱৰ্তী প্ৰতিযোগিতাবোৰৰ বাবে বাঁচনি কৰা হ’ব।’ যি নহওক, ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁইয়ে আগন্তুক প্ৰতিযোগিতা সমূহতো উন্নত প্ৰদৰ্শনেৰে সফলতাৰ শিখৰ চুবলৈ সক্ষম হ’ব বুলি আশাবাদী লাভলীনা অনুৰাগী।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular