spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeৰাষ্ট্ৰীয়আপুনি ব্যৱহাৰ কৰা মোবাইল এপ কিমান সুৰক্ষিত? জানক গৱেষকৰ তথ্য

আপুনি ব্যৱহাৰ কৰা মোবাইল এপ কিমান সুৰক্ষিত? জানক গৱেষকৰ তথ্য

নতুন দিল্লী : বিভিন্ন মোবাইল এপ্লিকেচনৰ ব্যৱহাৰ এতিয়া আমাৰ দৈনিন্দিন জীৱন যাত্ৰাৰ অংগ হৈ পৰিছে। জীৱনশৈলীৰ সৈতে জড়িত এপৰ লগতে মনোৰঞ্জনৰ এপলৈকে বিভিন্ন এপ আমি নিয়মীয়াকৈ ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু আমি ব্যৱহাৰ কৰা এপবোৰ কিমান সুৰক্ষিত? এই এপবোৰে আপোনাৰ ব্যক্তিগত গোপন তথ্য সুৰক্ষিত কৰি ৰাখিব পাৰেনে? ফাদিল হ’ব পাৰে নেকি আপোনাৰ গোপন তথ্য? এই সম্পৰ্কত শেহতীয়াকৈ প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য।

ডিজিটেল সুৰক্ষা কোম্পানী ‘এভাষ্ট’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে আপোনাৰ এপবোৰৰ অসুৰক্ষিত হোৱাৰ ভয়ংকৰ তথ্য। প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ১৯,০০০তকৈও অধিক এণ্ড্ৰইড এপ অসুৰক্ষিত। এপবোৰৰ দুৰ্বলতাই আনকি এপ ব্যৱহাৰকাৰী লোকসকলৰ ব্যক্তিগত ডাটা হেক কৰি তাক উদ্দেশ্যপ্ৰণোদিত কামত প্ৰয়োগ কৰাৰ আশংকা থকাৰ কথাও প্ৰতিবেদনত প্ৰকাশ পাইছে পাইছে।

‘এভাষ্ট’ৰ গৱেষকসকলে এণ্ড্ৰইড এপবিলাকৰ সুৰক্ষাৰ দিশতো অধ্যায়ন কৰিবলৈ ১৮০,৩০০ টাৰ অধিক প্লে ষ্টৰত সুলভ এপ নমুনা হিচাপে লৈছিল য’ত ১০% এপ অসুৰক্ষিত বুলি প্ৰকাশ পাইছে। ‘এভাষ্ট’-এ তেওঁলোকৰ এই অধ্যয়নৰ তথ্য গুগলৰ আগত প্ৰকাশ কৰিছে যাতে এই প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰক সংস্কাৰমুখী পদক্ষেপ লোৱাৰ বাবে পৰামৰ্শ দিব পাৰে। কিছুমান লাইফষ্টাইল, গেমিং, ফুড ডেলিভাৰী আৰু ইমেইল আদিকে ধৰি ভালেমান এপৰ ক্ষেত্ৰত তথ্যৰ অপব্যৱহাৰৰ কথা পোহৰলৈ আনিছে অধ্যয়নটোৱে। ইউৰোপ, দক্ষিণ-পূব এছিয়া, লেটিন আমেৰিকা আদিত এনে সমস্যাবোৰ প্ৰভাৱ অধিক বুলিও অধ্যয়নটোত কোৱা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular