spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকঅন্ধবিশ্বাস আঁতৰিব কেনেকৈ! বিজ্ঞান শিক্ষাকলৈ অনীহা অসমত

অন্ধবিশ্বাস আঁতৰিব কেনেকৈ! বিজ্ঞান শিক্ষাকলৈ অনীহা অসমত

ডিজিটেল ডেস্ক: শিক্ষা আৰু বিজ্ঞান বৰ্তমান সময়ত এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ অন্ধবিশ্বাস আঁতৰাই বিজ্ঞানে প্ৰদান কৰে প্ৰকৃত জ্ঞান৷ কিন্তু এনে সময়তে অসমৰ শিক্ষামন্ত্ৰীয়ে দিয়া এক তথ্যই চিন্তনীয় কৰি তুলিছে সকলোকে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে দিয়া তথ্য অনুসৰি, বিজ্ঞানৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে অসমৰ শিক্ষাৰ্থীয়ে৷ বৰ্তমান সময়ত অন্ধবিশ্বাসৰ ফলত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য-কলাপ সংঘটিত হ’বলৈ ধৰিছে৷ ডাইনী হত্যাকে ধৰি বিভিন্নধৰণৰ অপৰাধে জৰ্জৰিত কৰা অসমত বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহ কমি যোৱাটো সঁচাকৈ এক চিন্তনীয় বিষয়৷ এই সন্দৰ্ভত শিক্ষবিদসকলকে কিধৰণেৰে চিন্তা-চৰ্চা কৰিব, সেয়া লক্ষ্যণীয় হ’ব৷ বুধবাৰে খানাপাৰাৰ ষ্টাফ কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আয়োজন কৰা সংবাদমেলত নতুন শিক্ষানীতিক লৈ আলোচনা কৰে৷ ২০-২১ নৱেম্বৰত অনুষ্ঠিত হ’ব উত্তৰ-পূব শৈক্ষিক সন্মিলন৷

এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান৷ অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ এডুকেশ্যন আৰু ৰিচার্জ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সন্মিলন৷ ৰাজ্যৰ লগতে দেশৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, উত্তৰ-পূবৰ শিক্ষামন্ত্ৰীসকল, উপাচাৰ্য, অধ্যক্ষ, প্ৰধান শিক্ষক, শিক্ষক, পৰিচালনা সমিতিৰ বিষয় ববীয়া সকল দুদিনীয়া সন্মিলনত উপস্থিত থাকিব৷

সকলোৰে লগত পৃথক পৃথকভাৱে আলোচনা হ’ব শিক্ষানীতিৰ ওপৰত৷ আৰু তেনে সময়তে শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰা এই তথ্যৰ ওপৰত কিমনা গুৰুত্ব আৰোপ কৰা হ’ব সেয়া লক্ষ্যণীয় হ’ব৷ ইপিনে নতুন শিক্ষানীতিৰ দিশ ৰূপায়ণ কৰাৰ কাম আৰম্ভ হৈছে বুলিও মন্তব্য কৰে ৰণোজ পেগুৱে৷ অসমৰ সকলো শিক্ষানুষ্ঠানত ২০২২ৰ পৰা ২০২৩ৰ ভিতৰত প্ৰয়োজ্য হ’ব বুলি অবিহিত কৰে তেওঁ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular