spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeব্ৰেকিং নিউজপশ্চিম বংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; নিহতৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি...

পশ্চিম বংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; নিহতৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ মাইনাগুড়িত সংঘটিত ৰে’ল দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। ভয়ংকৰ দুৰ্ঘটনাটোত বৃদ্ধি সংখ্যা ইতিমধ্যে ৯ জনলৈ বৃদ্ধি পাইছে। আহতৰ সংখ্যা হৈছে ৩৬ জনলৈ বৃদ্ধি পাইছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিএছএফ, ৰে’ল আৰক্ষীয়ে ৰাতিটোৰ ভিতৰতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। উল্লেখ্য যে, ঘন কুঁৱলীৰ বাবে উদ্ধাৰকাৰী দলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যদিও তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে সন্দেহ প্ৰকাশ কৰিছে যে, এতিয়াও দবাৰ কোঠাত কোনো যাত্ৰী আবদ্ধ হৈ থাকিব পাৰে। মৃত্যু হোৱা সকললৈ ৰেলৱে কৰ্তৃপক্ষৰ পৰা ৫ লাখ কৈ ক্ষতিপূৰণ দিছে। 

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণ্যই আজি পুৱাতে মাইনাগুড়িৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও আজি আবেলি ভাগত ঘটনাস্থলীত পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। ইফালে, ডিএম, এছপি আৰু আইজিকে ধৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলে উদ্ধাৰ অভিযানৰ নিৰীক্ষণত আছে৷ উল্লেখ্য যে, মৃত্যু হোৱা সকললৈ ৰেলৱে কৰ্তৃপক্ষৰ পৰা ৫ লাখ কৈ ক্ষতিপূৰণ দিছে আৰু মৃতসকলৰ ভিতৰত এজন অসমৰ আছিল বুলি নিশ্চিত হৈছে৷

খবৰ অনুসৰি ৰে’ল খনৰ বাৰটা ডবা ওলোটি গৈছে আৰু ইয়াৰে এটা কোঠা পানীৰ তললৈ গৈছে। আলিপুৰদুৱাৰত ঘটনাটোস্থলীৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈছে। দুৰ্ঘটনাটোৰ সময়ত ৰে’লখনৰ গতি কিমান আছিল সেয়া এতিয়াও জনা হোৱা নাই। খবৰ অনুসৰি, ঘটনাটো নিউ মাইনাগুডি আৰু নিউ দোমোহনীৰ ওচৰত সংঘটিত হৈছিল আৰু ঘটনাস্থলীত এম্বুলেন্স আৰু ৰিলিফ ভেন ৰাতিয়েই উপস্থিত হৈছে।

জলপাইগুৰি ষ্টেচনটো দোমোহনীৰ আটাইতকৈ ওচৰত বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা আন এখন সাহায্য ৰেলৰ সৈতে এম্বুলেন্সও প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু স্থানীয় লোকসকল বৰ্তমান উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ৰে’ল দুৰ্ঘটনাত আহত সকলক মাইনাগুৰি চিকিৎসালয় আৰু জলপাইগুৰি জিলা চিকিৎসালয়লৈ নিশাই প্ৰেৰণ কৰা হৈছিল।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular