spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeৰাষ্ট্ৰীয়অন্য যুৱকৰ সৈতে বিয়া বন্দৱস্ত; প্ৰেমিকাক ১৮ বাৰ ছুৰিকাঘাত প্ৰেমিকৰ

অন্য যুৱকৰ সৈতে বিয়া বন্দৱস্ত; প্ৰেমিকাক ১৮ বাৰ ছুৰিকাঘাত প্ৰেমিকৰ

ডিজিটেল ডেস্কঃ প্ৰেমিকে ১৮ বাৰ ছুৰিকাঘাত কৰা বাবে জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীয়ে বিয়াত বহিবলৈ অমান্তি হোৱাৰ বাবেই প্ৰেমিকে এই নৃশংস ঘটনা সংঘটিত কৰে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত। যুৱতীগৰাকীৰ নাম শীৰ্ষা আৰু যুৱকজনৰ নাম বাসৱৰাজ বুলি জানিব পৰা গৈছে।

হায়দৰাবাদৰ ৰাচাকোণ্ডা কমিছনাৰেটৰ এলবি নগৰ আৰক্ষী থানাৰ সীমাৰ অধীনত হস্তিনাপুৰমত শীৰ্ষাই এক ভাড়াঘৰত বাস কৰে। শীৰ্ষাৰ ভাড়াঘৰৰ কোঠাতে বাসৱাৰজে এই ভয়ানক ঘটনা সংঘটিত কৰে। খবৰ অনুসৰি দুমাহ পূৰ্বে শীৰ্ষাৰ শ্ৰীধৰ নামৰ অন্য এজন যুৱকৰ সৈতে বাগদান সম্পন্ন হৈছিল। এই কথাতে ক্ষুণ্ণ হৈ আক্ৰমণাত্মক ৰূপত প্ৰেমিকাক ছুৰিকাঘাত কৰি এই অপৰাধ সংঘটিত কৰে বাসবৰাজে।

আৰু পঢ়কঃ বিৰাট কন্যাক ধৰ্ষণৰ ভাবুকি দিয়া অভিযন্তাক গ্ৰেপ্তাৰ

শীৰ্ষা আৰু বাসৱৰাজ বিকাৰাবাদ জিলাৰ দৌলতাবাদৰ বাসিন্দা আৰু তেওঁলোকৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে। কিন্তু ভিন্ন কাৰণত শীৰ্ষাই বাসৱৰাজৰ পৰা দূৰত্ব বজাই চলিবলৈ ধৰে আৰু অন্য এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। ভুক্তভোগী শীৰ্ষা বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। অভিযুক্ত বাসবৰাজক কৰায়ত্ত কৰি হায়দৰাবাদ আৰক্ষীয়ে নিজ জিম্মাত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular