spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeৰাজনৈতিক'মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ মই সুখী৷ ইয়াৰ বাবে শিলচৰৰ পৰা...

‘মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ মই সুখী৷ ইয়াৰ বাবে শিলচৰৰ পৰা পদব্ৰজে যাম৷’

গুৱাহাটী : সীমাবিবাদক গোচৰ ৰুজু কৰিবলৈ সাজু অসম৷ ১০-১৫ দিনৰ ভিতৰত ৰুজু কৰা হ’ব গোচৰ৷ প্ৰয়োজনীয় নথি যুগুত কৰি আছে অধিবক্তাই৷ এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ হিমন্তই কয়, ‘মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ মই সুখী৷ তদন্তত সহায় কৰিম৷ ইয়াৰ বাবে শিলচৰৰ পৰা পদব্ৰজে যাম৷ কিন্তু বিষয়াৰ সুৰক্ষা নিশ্চিত কৰাটো মোৰ দায়িত্ব৷’

আজি দিছপুৰত মুখ্যমন্ত্ৰী বাসগৃহত অনুষ্ঠিত হয় এখন সংবাদমেলৰ৷ সদস্য পদৰ পাছত কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি সুশান্ত বৰগোহাঁৰ বিজেপিলৈ গমন কৰে৷ তাৰ পাছতে এই সংবাদমেলত অসম-মিজোৰাম সমস্যাৰ সন্দৰ্ভত গুৰুত্বপুৰ্ণ মন্তব্য কৰে হিমন্তই৷ 

আনহাতে মিজোৰাম আৰক্ষীয়ে হিমন্তক গ্ৰেপ্তাৰ কৰিলেও আপত্তি নাই বুলিও মন্তব্য কৰে তেওঁ ৷ তেওঁ কয়, ‘মিজোৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও আপত্তি নাই৷ ইয়াৰ বাবে মই অগ্ৰিম জামিন ন’লও উচ্চ ন্যায়ালয়ত৷’ মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ কথাই নাহে বুলিও গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়ায় তেওঁ৷

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আলোচনা অব্যাহত আছে৷ গৃহমন্ত্ৰীৰ উপস্থিতিত ভাল নিৰ্ণয় হোৱাটো বিচাৰাৰ হোৱাটো কামনা হিমন্তৰ৷ অসম-মিজোৰামৰ সীমান্তৰ সমস্যা উন্নয়নৰ বাবে অসম সদায় আগত৷ অসমে মিজোৰামৰ মাটি দখল কৰা নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular