Google search engine
32 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeৰাজনৈতিক‘মই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ’ : প্ৰতিমা ভৌমিক

‘মই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ’ : প্ৰতিমা ভৌমিক

গুৱাহাটী: দিল্লীত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিকৰ৷ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতেই সাংবাদিকৰে সৈতে প্ৰথমবাৰলৈ মত-বিনিময় কৰে ভৌমিকে। ‘মই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ’- বুলি পৰিচয় দিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে৷

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰাৰ বাবে আনন্দৰ বৈন্যা সমগ্ৰ ৰাজ্যখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত৷ প্ৰতিমা ভৌমিকক এই দায়িত্ব দিয়া বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ভৌমিকে সদৰী কৰে যে, তেওঁ প্ৰধানকৈ গুৰুত্ব দিব দিব্যাংগৰ সম-উন্নয়ন আৰু দক্ষতা বিকাশত। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকক সমানে আগুৱাই যোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব ভৌমিকে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ আশ্বাস মন্ত্ৰীগৰাকীৰ। নাৰী সৰবৰাহ আৰু নাৰীকেন্দ্ৰিক অপৰাধ ৰোধৰ ক্ষেত্ৰতো কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নজৰ ৰাখিব বুলি ক’লে মন্ত্ৰীগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
70 %
1.5kmh
75 %
Mon
32 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular