spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিক'মাক সৎকাৰ কৰিলো৷ গা ধুই গৈ আছো ঘৰলৈ'- নদীত উদ্ধাৰ প্ৰবীৰৰ নশ্বৰদেহ

‘মাক সৎকাৰ কৰিলো৷ গা ধুই গৈ আছো ঘৰলৈ’- নদীত উদ্ধাৰ প্ৰবীৰৰ নশ্বৰদেহ

ডিজিটেল ডেস্ক : ‘মাক সৎকাৰ কৰিলো৷ গা ধুই গৈ আছো ঘৰলৈ’- এয়াই শেষৰ কথাষাৰী আছিল তেওঁৰ৷ নদীত গা ধুবলৈ আহি কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হয় এজন ব্যক্তিয়ে৷ গোৱালপাৰাৰ কৃষ্ণাইত সংঘটিত হৈছে এই অঘটনটো৷ শাহুৱেকৰ মৃত্যুত সৎকাৰ কৰিবলৈ আহি শোকাৱহ মৃত্যুক সাবতি ল’বলগীয়া হয় জোঁৱায়েকে ৷

জানিব পৰা মতে, শাহুৱেকৰ মৃত্যুৰ সৎকাৰ কৰিবলৈ গুৱাহাটীৰ নিৱাসী প্ৰবীৰ সূত্ৰধৰ পৰা আহিছিল গোৱালপাৰাৰ কৃষ্ণাইলৈ৷ শাহুৱেকৰ শেষকৃত হৈ যোৱাৰ পাছত নদীত গা ধুৱলৈ নামিছিল লালগণেশৰ নিৱাসী সূত্ৰধৰ৷ তাৰ পাছতেই নিখোঁজ হৈ পৰে তেওঁ৷ বহু বিচাৰ-খোঁচাৰ কৰাৰ পাছতো লোকজনক বিচাৰি নাপাই হাহাকাৰ লাগে পৰিয়ালটো৷ তাৰপাছতেই খবৰ দিয়া হয় উদ্ধাৰকাৰী দলক আৰু ডুবাৰুৰ সহায়ত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কৃষ্ণাইৰ আশুডুবীত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো৷ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ লোকজনৰ মৃত্যত শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলজুৰি৷

পৰিয়ালৰ লোকৰ বৰ্ণনা অনুসৰি, শাহুৱেকৰ শেষকৃত্য কৰি মানিবেগ আৰু ম’বাইল থৈ গা ধুবলৈ নদীত নামিছিল তেওঁ৷ আৰু নদীত নমাৰ আগতে তেওঁ কৈছিল, ‘মই গা ধুই গৈ আছো৷’ অৱশেষত নদীৰ পৰা উদ্ধাৰ হয় সুত্ৰধৰৰ নশ্বৰদেহ৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular