spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিক‘আশা কৰা নাছিলোঁ পদ্মশ্ৰী পাম বুলি!’ আৰু কি কি ক’লে অন্ধবিশ্বাস আৰু...

‘আশা কৰা নাছিলোঁ পদ্মশ্ৰী পাম বুলি!’ আৰু কি কি ক’লে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া বিৰুৱালা ৰাভাই

ডিজিটেল ডেস্ক: দিল্লীত ৰাষ্ট্ৰপতি ভৱনত সোমবাৰে প্ৰদান কৰা হয় পদ্ম বঁটা৷ মুঠ ১১৯ গৰাকী বিশিষ্ট ভাৰতীয়ই লাভ কৰে এই সন্মান৷ অসমৰো মুঠ ৫গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে কঢ়িয়াই আনে পদ্ম সম্মান৷ চতুৰ্থ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ সন্মানেৰে বিভূষিত হয় ড° বিৰুৱালা ৰাভা৷ ডাইনী, অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী ডঃ বিৰুৱালা ৰাভা দুধনৈত উপস্থিত হৈ নিজৰ মনৰ ভাব প্ৰকাশ কৰে৷ তেওঁ কয় যে, ‘মই কেতিয়াও ভবা নাচিলো পদ্মশ্ৰী পাম বুলি৷ মানৱসেৱাৰ বাবে মোক চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিলে৷ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰি মই বহুত সুখী৷’ ডাইনী, অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মই সদায় যুঁজ দি যাম দুধনৈত উপস্থিত হৈ সহজ-সৰল ভাষাৰে এই মন্তব্য পদ্মশ্ৰী ড° বিৰুৱালা ৰাভাৰ৷

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰি পোনেপোনে দুধনৈত উপস্থিত হয় ডাইনী, অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি অহা অক্লান্ত যোদ্ধা ড°বিৰুৱালা ৰাভা৷ ‘আছু’কে ধৰি কেইবাটাও ৰাভা জাতীয় সংগঠনে গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰ পৰা দুধনৈলৈ আদৰি আনে বিৰুবালা ৰাভাক৷ দুধনৈত উপস্থিত হোৱাৰ লগে লগে ষষ্ঠ অনুসূচীত দাবী সমিতিৰ কাৰ্যালয়ত পাজাৰ, বিহুৱান আদিৰে বিভিন্ন সংগঠন, অনুষ্ঠানৰ লগতে বহু লোকে উষ্ম আদৰণি জনায় বিৰুৱালা ৰাভাক৷

তাৰ পাছতে ৰাভা জাতীয় সংগঠনসমূহে গোৱালপাৰাৰ ঠাকুৰবিলাস্থিত বাসগৃহলৈ স-সন্মানে থৈ আহে পদ্মশ্ৰী বিৰুৱালাৰাভাক৷ আনহাতে দুধনৈত সাংবাদিকৰ আগত পদ্মশ্ৰী বিৰুৱালা ৰাভাই পদ্মশ্ৰী সন্মান প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক ধন্যবাদ জনায়৷ এই সন্মানে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মোক অধিক উৎসাহ প্ৰদান কৰিলে৷ লগতে সমাজৰ সকলো স্তৰৰ লোকে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সচেতন হৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় বিৰুৱালা ৰাভাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular