spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিক'ময়েই গঁড় হত্যা কৰিছিলোঁ...’- দুৰ্ধৰ্ষ চিকাৰীৰ স্বীকাৰোক্তি, অন্য কি তথ্য দিলে আৰক্ষীক?

‘ময়েই গঁড় হত্যা কৰিছিলোঁ…’- দুৰ্ধৰ্ষ চিকাৰীৰ স্বীকাৰোক্তি, অন্য কি তথ্য দিলে আৰক্ষীক?

ডিজিটেল ডেস্ক: ‘হয়, ময়েই গঁড় হত্যা কৰিছিলোঁ। এটা গঁড় হত্যা কৰি ভাগত পৰিছিল দুই লাখ টকা।’ বোকাখাতত আৰক্ষী, বনবিভাগৰ ওচৰত আত্মসমৰ্পণ কৰা এটা দুৰ্ধৰ্ষ গঁড় চিকাৰীৰ অকপত স্বীকাৰোক্তি। মৰিধনশিৰি সন্মিলিত সহযোগী সমিতি (মুখক) ধোঁৱাআটি বেলগুৰি গাঁৱৰ ৰাইজৰ সহযোগত আত্মসমৰ্পণ কৰে ২০০৭ চনৰপৰা পলাতক হৈ থকা দুৰ্ধৰ্ষ গঁড় চিকাৰী গোলাপ পাতগিৰিয়ে।

এসময়ত ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান’ত অস্থায়ীভাৱে কৰ্মৰত হৈ থকা গোলাপ পাতগিৰিক কামৰপৰা নিলম্বন কৰাৰ পাছতে নামি পৰিছিল গঁড় চিকাৰত। ২০০৭ চনত গঁড়হত্যাৰ গোচৰত আটক হোৱা গোলাপ জে’লৰ পৰা ওলাই অহাৰ পাছৰেপৰা আৰক্ষী প্ৰশাসনে কাজিৰঙাত গঁড়হত্যা হ’লেই সন্দেহত গোলাপকে বিচাৰি থকাৰ বাবেই পলাই গৈছিল অৰুণাচললৈ।

কিন্তু শেহতীয়াকৈ প্ৰশাসন আৰু ৰাইজৰ সহযোগত আত্মসমৰ্পণ কৰে দুৰ্ধৰ্ষ চোৰাং চিকাৰী গোলাপ পাতগিৰিয়ে৷ আজি বোকাখাতৰ ধোঁৱাআটি বেলগুৰি গাঁৱত অনুষ্ঠিত এক ৰাজহুৱা সভাত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ’ ৰমেশ কুমাৰ গগৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথৰ উপস্থিতিত আত্মসমৰ্পণ কৰে পাতগিৰিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular