spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াক্ৰমাত্‍ বিপৰ্যয়ৰ মাজলৈ বিৰাট কোহলী! আইচিচিৰ শ্ৰেষ্ঠ একাদশ দলৰ নেতৃত্বত বাবৰ…

ক্ৰমাত্‍ বিপৰ্যয়ৰ মাজলৈ বিৰাট কোহলী! আইচিচিৰ শ্ৰেষ্ঠ একাদশ দলৰ নেতৃত্বত বাবৰ…

নতুন দিল্লীঃ টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পাছতে আইচিচিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ একাদশ দলৰ ঘোষণা কৰিছে।আইচিচিৰ নিৰ্বাচনী দলত স্থান নাপালে এজনো ভাৰতীয় ক্ৰিকেটাৰে। আইচিচিৰ নিৰ্বাচনী দলৰ নেতৃত্বত পাক অধিনায়ক বাবৰ আজম। পাকিস্তানৰ হৈ শ্ৰেষ্ঠ একাদশত স্থান লাভ কৰা একমাত্ৰ খেলুৱৈ বাবৰ আজম। তালিকাৰ দ্বাদশ স্থানত আছে শ্বাহিন শ্বাহ আফ্ৰিদি। এই একাদশ দলটোত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰৰ নামো অন্তৰ্ভুক্ত আছে। উল্লেখ্য যে, শ্ৰেষ্ঠ একাদশ দলটো বাছনি কৰিছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন পেচাৰ আৰু বৰ্তমানৰ ধাৰা ভাষ্যকাৰ ইয়ান বিশপে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্বেন ৱাটছনো বাছনি সমিতিত আছিল। ডেভিদ ৱাৰ্ণাৰ আৰু জছ বাটলাৰক নিৰ্বাচকসকলে অপেনাৰ হিচাপে বাছনি কৰিছে।

ইয়াৰ পিছত আছে ক্ৰমে বাবৰ (অধিনায়ক), চৰিত আলংকা, এডেন মাৰ্ক্ৰাম। দুজন স্পিনাৰ-অলৰাউণ্ডাৰ ক্ৰমে, মইন আলী আৰু ৱানিডু হাছৰাং। লেগস্পিনাৰ এডাম জাম্পা আৰু বলিং বিভাগত ৩জন পেচাৰ – ট্ৰেণ্ট ব’ল্ট, জছ হেজলউড আৰু আনৰিক নৰ্খিয়াই স্থান লাভ কৰিছে। ভাৰতৰ পৰা দলটোত কাৰো নাম নোহোৱাক কেন্দ্ৰ কৰি আইচিচিৰ সিদ্ধান্তক কেন্দ্ৰ কৰি সংবাদ মাধ্যমত প্ৰশ্নৰ জোৱাৰ উঠিছে। প্ৰথম দুখন মেচত বিফল হোৱা স্বত্বেও কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই আগবঢ়াইছিল অনবদ্য ইনিংছ। আনহাতে যশপ্ৰীত বুমৰাহেও সাতটাকৈ উইকেট দখল কৰিছিল। ইকনমি ৰেট ৫.০৮। অৱশ্যে, নিৰ্বাচকসকলৰ আহ্বায়ক হিচাপে দলটোক লৈ যে বিতৰ্কৰ সৃষ্টি হ’ব বিশপে জানিছিল। বিশপে কয়,‘বহুতে বহুত মতামত দিব। চূড়ান্ত একাদশৰ বিষয়েও বহুত আলোচনা হ’ব। পৰ্যবেক্ষকৰ পেনেলে সেই দৃষ্টিভংগীবোৰক সন্মান কৰিব লাগিব।’ শেহতীয়াকৈ, সদ্যসমাপ্ত টি-২০ বিশ্বকাপৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি আইচিচিয়ে ঘোষণা কৰা শ্ৰেষ্ঠ একাদশ দলটোত এজনো ভাৰতীয় খেলুৱৈৰ নাম নোহোৱা বিষয়টোক কেন্দ্ৰ কৰি উদ্বেগ প্ৰকাশ কৰিছে ক্ৰীড়ানুৰাগীয়ে।অৱশ্যে এই বিষয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে আইচিচি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular