spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeৰাষ্ট্ৰীয়দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়... ‘কৌন বনেগা কৰোড়পতি’ত তিনি কোটিপতিৰ প্ৰেৰণাদায়ক কাহিনী

দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়… ‘কৌন বনেগা কৰোড়পতি’ত তিনি কোটিপতিৰ প্ৰেৰণাদায়ক কাহিনী

ডিজিটেল ডেস্ক : জনপ্ৰিয় টিভি শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ ত্ৰয়োদশ ছিজনৰ তৃতীয়গৰাকী কোটিপতিক লৈ এতিয়া চলিছে চৰ্চা। গীতা সিং গৌৰ এই ছিজনৰ নতুন কোটিপতিত পৰিণত হৈছে। তেওঁ ১ কোটি টকাৰ প্ৰশ্নৰ উত্তৰ দি সফলতা অৰ্জনৰ পাছতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। কিয়নো তেওঁ অতি সাধাৰণ এক অৱস্থাৰ পৰা আহি সাফল্যৰ শিখৰ চুবলৈ সক্ষম হ’ল এই শ্ব’ৰ জৰিয়তে।


সাধাৰণ এগৰাকী গৃহিণী গীতা সিং গৌৰ। ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ অফিচিয়েল পৃষ্ঠাত মুকলি কৰা এটা প্ৰ’ম’ত গীতাই নিজৰ বিষয়ে কয় যে, “মোৰ বয়স ৫৩ বছৰ আৰু মই মোৰ গোটেই জীৱনটো কেৱল মোৰ সন্তানক লালন-পালন কৰাতেই ব্যস্ত থাকিলোঁ। এতিয়া মই মোৰ জীৱনটো নতুনকৈ সজাই তুলিব বিচাৰোঁ।’ গীতাক ভিডিঅ’টোত এখন জীপ চলাই থকা দেখা গৈছে য’ত তেওঁৰ সৈতে আছে তেওঁৰ পোহনীয়া কুকুৰটো। প্ৰ’ম’টোৰ শেষত অমিতাভ বচ্চনে তেওঁৰ স্বভাৱজাত ভংগিমাৰে চিঞৰি উঠে আৰু ঘোষণা কৰে যে, গীতাই ১ কোটি টকাৰ পুৰস্কাৰ জিকিছে। গীতাৰ পূৰ্বে আগ্ৰাৰ শিক্ষক হিমানী বুন্দেলা আৰু আইএছআইএছৰ প্ৰস্তুতি চলাই থকা চাহিল আহিৰৱালে ১ কোটি টকা জিকিছে। ২০১১ চনত এটা দুৰ্ঘটনাৰ ফলত হিমানীয়ে চকু হেৰুৱাইছিল।

ছেটলৈ যোৱাৰ আগতে হিমানীয়ে কৈছিল, “মই নাজানো তেওঁলোকে মোক কেনেদৰে চাব, মোক সহানুভূতি দেখুওৱা হ’ব নে মোক আনৰ দৰে সমান বুলি ভবা হ’ব। মই ইয়াত এনে প্ৰতিযোগীৰ সৈতে প্ৰতিযোগিতাত নামিছোঁ যিয়ে বিভিন্ন ক্ষেত্ৰত মোৰ তুলনাত বহুত আগবাঢ়ি গৈছে। মোৰ সকলো ভয় নাইকিয়া হৈছিল যেতিয়া মোক তাত থকা লোকসকলে সম্পূৰ্ণ মৰ্যাদাৰে আনৰ দৰে সমান ব্যৱহাৰ কৰিছিল। এইটোৱে মোক যথেষ্ট সাহস দিছিল।”

চাহিলে তেওঁৰ খণ্ডটোত তাপসী পান্নুৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছিল। চাহিলে তাপসী সম্পৰ্কীয় প্ৰশ্ন সুধি অমিতাভ বচ্চনক ব্যতিব্যস্ত কৰি তোলা দেখা গৈছিল। চাহিলে ১ কোটি টকা জিকাৰ পাছত কৈছিল, ”মই বহুত সুখী হৈছিলোঁ যেতিয়া বিগ বিয়ে কৈছিল যে মই কোটি টকা পাব পৰাকৈ সঠিক উত্তৰ দিছিলোঁ। মই বিশ্বাসেই কৰিব পৰা নাই যে মই ছিজনটোৰ দ্বিতীয় কোটিপতি। মই মাত্ৰ ভালকৈ খেলিবৰ বাবেহে এই প্ৰতিযোগিতালৈ আহিছিলোঁ…পইচাৰ বাবে অহা নাছিলোঁ। এই ডাঙৰ মঞ্চত মই মোৰ জ্ঞানৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বিচাৰিছিলো।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular