অনলাইন মাধ্যমেৰে আইআইটিৰ দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গুৱাহাটীঃ মঙলবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হৈছে আই আই টি গুৱাহাটীৰ ‘২২সংখ্যক দীক্ষান্ত সমাৰোহ’। কৰ’না মহামাৰীৰ বাবে এইবাৰ অনলাইন যোগে অনুষ্ঠিত হৈছে ‘দীক্ষান্ত সমাৰোহ’।

আৰু পঢ়িব পাৰিব: আইপিএলক লৈ ধুবুৰীত জুৱাৰ বেহা, আটক ৩

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে অংশগ্ৰহণ কৰিছে দেশৰ শিক্ষামন্ত্ৰী মেশ পখৰিয়াল আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মোদীয়ে এই অনুষ্ঠান সম্বোধন কৰি কয়, “ৰাষ্ট্ৰীয় শিক্ষা নীতিক মাল্টি-ডিচিপ্লেনেৰী কৰা হৈছে, বিষয়ৰ নমনীয়তা দিয়া হৈছে লগতে বহুতো প্ৰৱেশ-প্ৰস্থানৰ সুবিধা দিয়া হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাক প্ৰযুক্তিৰ সৈতে সংলগ্ন কৰিব৷ অৰ্থাৎ, শিক্ষাৰ্থীয়ে প্ৰযুক্তিৰ বিষয়েও পঢ়িব, আৰু প্ৰযুক্তিৰ জৰিয়তেও পঢ়িব৷”

আৰু পঢ়িব পাৰিব: আগন্তুক ৩দিনত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৃষ্টিপাত

দীক্ষান্ত সমাৰোহত এইবৰ্ষত ৬৪১জনক ‘বিটেক’ ডিগ্ৰী, ৬১০জনক ‘এমটেক’ ডিগ্ৰী আৰু ২৮৫ জনক ‘পিএইচডি’ ডিগ্ৰী প্ৰদান কৰা হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES