spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকবিজ্ঞানৰ যুগত তন্ত্ৰ-মন্ত্ৰ, 'আলৌকিক শক্তি'ৰে অপহৰণ বিশেষভাৱে সক্ষম যুৱতীক!

বিজ্ঞানৰ যুগত তন্ত্ৰ-মন্ত্ৰ, ‘আলৌকিক শক্তি’ৰে অপহৰণ বিশেষভাৱে সক্ষম যুৱতীক!

ডিজিটেল ডেস্ক : ২১ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ দিনত তন্ত্ৰ-মন্ত্ৰৰে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক অপহৰণ কৰা বুলি উঠা অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অপহৰণকৰীয়ে হেনো তন্ত্ৰ-মন্ত্ৰৰ বলেৰে লৈ গৈছিল প্ৰিন্সি গগৈ নামৰ যুৱতীগৰাকীক৷ দুবাহুবিহীন হৈও ৰাজ্যত এক সুকীয়া পৰিচয় লাভ কৰিছিল এইগৰাকী প্ৰিন্সি গগৈয়ে। দুয়োখন হাত নাথাকিলেও প্ৰয়োজনীয় সকলো কাম ভৰিৰে কৰিব পাৰে প্ৰিন্সিয়ে । পিছে আকাশ চুব খোজা প্ৰিন্সি গগৈৰ মুখত তন্ত্ৰ-মন্ত্ৰৰ কথা শুনি হতবাক হ’ল আৰক্ষী-প্ৰশাসন৷


উল্লেখ্য যে, প্ৰিন্সি গগৈকে দুৰ্গা পূজাৰ অষ্টমীৰ দিনাখন অপহৰণ কৰি নিছিল এটা দুৰ্বৃত্তৰ দলে। পুৱা প্ৰায় ৯:৪৫ বজাত ঘটিছিল এই ঘটনাটো। জানিব পৰা মতে, এখন ৰঙা গাড়ীত প্ৰিন্সিক উঠাই লৈ গৈছিল দুৰ্বৃত্তৰ দলটোৱে। অভিযোগ অনুসৰি, নিচাজাতীয় দ্ৰব্য খুৱাই সংজ্ঞাহীন কৰি লৈ যোৱা হৈছিল প্ৰিন্সিক। পাছত হেনো তন্ত্ৰ-মন্ত্ৰৰ জৰিয়তে প্ৰিন্সিৰ শিৰত পিন্ধাইছিল সেন্দুৰ। এই ঘটনা সন্দৰ্ভত অভিযোগৰ আঙুলি উঠিছে হৈছে পৰাগ দাস নামৰ এজন যুৱকৰ বিৰুদ্ধে ।
এই যুৱকজনৰ পৰিয়ালৰ লোকে হেনো বিভিন্ন তাবিজ পিন্ধাই প্ৰিন্সিক নিজৰ বশ কৰি লৈছিল। ঘটনাৰ ২৪ ঘণ্টাৰ পাছত গহপুৰ আৰক্ষীৰ সহযোগত ভঙাগড় আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল প্ৰিন্সিক। অৱশ্যে, অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল নকৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে যুৱকজনক। কিন্তু প্ৰিঞ্চি গগৈৰ ভাষ্যক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ? সঁচাকৈ তন্ত্ৰ-মন্ত্ৰৰে অপহৰণ কৰিছিল নেকি প্ৰিঞ্চিক! তেওঁ দাবী কৰাৰ দৰেই সেয়া সম্ভৱনে? নে এই ঘটনাৰ আঁৰত আছে অন্য ৰহস্য?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular