Google search engine
34 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeব্ৰেকিং নিউজএদিনতে ক'ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !

এদিনতে ক’ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !

নতুন দিল্লী : দেশত পুনৰ ভয়ংকৰ ৰূপ লৈছে ক’ৰনাই৷ বুধবাৰৰ দিনটোত দেশত ক’ভিড আক্ৰান্ত হৈছে ৫৩, ৪৭৬ জন লোক আৰু কালিৰ দিনটোতে মৃত্যু ঘটিছে ২৫১ জন লোকৰ৷ বিশেষকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত ক’ভিড ৰোগীৰ বৃদ্ধিয়ে পুনৰ শংকাৰ সৃষ্টি কৰিছে৷

আৰু পঢ়িব পাৰিব : অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন

উল্লেখ্য যে যোৱা বৰ্ষত মহামাৰী আৰম্ভ হোৱা সময়ৰ ভিতৰত বুধবাৰে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক এদিনত আক্ৰান্ত হৈছে৷ কেৱল মহাৰাষ্ট্রতে বুধবাৰে আক্ৰান্ত হয় ৩১,৮৫৫জন লোক৷ মুম্বাইত কালিৰ দিনটোতে আক্ৰান্ত ৫ সহস্ৰাধিক লোক৷ ইয়াৰ লগতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৫,৬৪,৮৮১টা৷ ইয়াৰ উপৰি গুজৰাটত ১,৭৯০টা নতুন আক্ৰান্ত ধৰা পৰিছে৷

আৰু পঢ়িব পাৰিব : শদিয়াত ৯৮ কাৰ্টন সুৰা জব্দঃ ভোটাৰৰ মাজত বিলাবলৈ অনাৰ অভিযোগ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে ৫,৩১,৪৫,৭০৯জনক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ বৰ্তমান সক্ৰিয় হৈ আছে ৩,৯৫,১৯২টা ক’ভিড ঘটনা৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
55 %
1.5kmh
75 %
Sun
32 °
Mon
32 °
Tue
29 °
Wed
27 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular