spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeৰাষ্ট্ৰীয়গাঁৱত পথ নিৰ্মাণ নোহোৱালৈকে বিয়াত নবহে যুৱতী, কি কৰিলে চৰকাৰে?

গাঁৱত পথ নিৰ্মাণ নোহোৱালৈকে বিয়াত নবহে যুৱতী, কি কৰিলে চৰকাৰে?

ডিজিটেল ডেস্কঃ ‘মেৰা দেশ বদল ৰহা হ্যে, আগে বঢ় ৰহা হ্যে’… উন্নয়নশীল ভাৰতক কথাৰ ফুলজাৰিৰে উন্নতিৰ জখলাত ভাৰ্চুৱেলী শীৰ্ষাৰোহণ কৰাব চেষ্টা কৰি আছে চৰকাৰে। নদীৰ তলেৰে সুৰংগ বনোৱাৰ পৰা গুৱাহাটীত ‘টুইন টাৱাৰ’ বনোৱালৈকে কিমান যে অলৌকিক প্ৰতিশ্ৰুতি! অথচ মাটিৰ ওপৰেৰে খোজকাঢ়ি যাবলৈ ৰাস্তা নাই।

বিবাহ – এগৰাকী ছোৱালীৰ সপোন বিবাহ। আপোন ঘৰখন এৰি বিবাহিত হৈ অন্য এখন ঘৰ ধৰিবলৈ আকুল প্ৰতিগৰাকী নাৰী। কিন্তু কি পৰিস্থিতিত বিবাহৰ বাবে অমান্য হ’ব পাৰে এগৰাকী ছোৱালী! এয়া কোনো যৌতুকৰ চাপ নহয়, এয়া চলন-ফুৰণৰ সংগ্ৰাম। ধূলি-বালি, হাৱা-পানী খাই ডঙৰ হোৱা গাঁৱখনত নাই আহ-যাহৰ বাবে এটা পথ। সাহসী পথ ল’লে যুৱতীয়ে, ল’লে যুগান্তকাৰী সিদ্ধান্ত। কৰ্ণাটকৰ দেৱনাগিৰি জিলাৰ এগৰাকী ২৬ বছৰীয়া জুৱতীয়ে চিঠি লিখিলে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইলৈ। গাঁৱত পথ নিৰ্মাণ নোহোৱালৈ বিয়াত নবহাৰ সিদ্ধান্ত জনালে।

দেবনাগিৰি বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ স্নাতক যুৱতীগৰাকী পেছাত এগৰাকী শিক্ষয়িত্ৰী। তেওঁ জনোৱামতে তেওঁৰ গাঁৱত কোনো পথ বা বাছৰ সুবিধা নাই। বিদ্যালয়লৈ যাবলৈ দৈনিক ১৪ কিঃমিঃ খোজকাঢ়িব লাগে যাৰ বাবে যথেষ্ট সংখ্যক মহিলাই শিক্ষাত্যাগ কৰিবলগীয়া হয় বুলি বিন্দু নামৰ যুৱতীগৰাকীয়ে জনায়। যুৱতীগৰাকীৰ এই জনহিতৈসী সাহসী পদক্ষেপৰ পাছত জিলাখনৰ প্ৰশাসনিক বিষয়ববীয়াই গাঁৱখন পৰিদৰ্শন কৰে। পৰবৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular