spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াঅভিষেক সুখকৰ, জাদেজাৰে ভাৰতৰ ইনিংছ চম্ভালিছে নৱাগত শ্ৰেয়াসে

অভিষেক সুখকৰ, জাদেজাৰে ভাৰতৰ ইনিংছ চম্ভালিছে নৱাগত শ্ৰেয়াসে

নতুন দিল্লীঃ কানপুৰত সুখকৰ আৰম্ভণি ভাৰতৰ। আজিৰে পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট কানপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত হৈছে। ভাৰতে টছত জয়ী হৈ প্ৰথমে বেট কৰাৰ সিদ্ধান্ত লয়। প্ৰথম দিনৰ খেলৰ অন্তত ভাৰতে প্ৰথম ইনিংছত ৪ উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ইনিংছ অপেনিং কৰে মায়ংক আগৰৱাল আৰু শুভমন গীলে। প্ৰথমটো উইকেটলৈকে ভাৰতৰ স্ক’ৰ আছিল ২১। ভাৰতীয় অপেনাৰদ্বয়ৰ উইকেট লাভ কৰে কাইল জেমিছনে। শুভমন গীলে ৯৩টা বলত অৰ্জন কৰে অৰ্ধশতক। প্ৰত্যাশা অনুসৰি বেট নচলিল চেটেশ্বৰ পূজাৰাৰ। ২৬ৰান কৰিয়েই ছাউথীৰ বলত পেভেলীয়নমুখী পূজাৰা। ইফালে অধিনায়ক ৰাহেনেও উন্নত প্ৰদৰ্শনত ব্যৰ্থ হয়।

অৱশ্যে, শ্ৰেয়াস আয়াৰ আৰু জাদেজাই অগ্ৰগতি দিছে ভাৰতক। শ্ৰেয়াছ আয়াৰ-জাদেজাৰ যুটীয়ে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ভাৰতীয় শিবিৰলৈ। শ্ৰেয়াস, জাদেজাই ক্ৰমে অপৰাজিত হৈ থাকে। ইফালে কাইল জেমিছনে নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৩ টা উইকেট দখল কৰিছে। দ্বিতীয় দিনৰ খেলত জাদেজা-শ্ৰেয়াছৰ পৰা আক্ৰমণাত্মক বেটিঙৰ আশা কৰিছে ক্ৰীড়াঅনুৰাগীয়ে। উল্লেখ্য যে, ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে এক নতুন গতি লাভ কৰা দেখিবলৈ পোৱা গৈছে। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে। ভাৰতৰ জয়ত সুখী ৰাহুল দ্ৰাবিড়ো। এতিয়া টেষ্ট ক্ৰিকেটতো অনুৰাগীয়ে বিচাৰিছে জয়ৰ সোৱাদ। ভাৰতে নিউজিলেণ্ডেৰ বিৰুদ্ধে জয়ী হ’লে টেষ্ট ৰেংকিঙতো শীৰ্ষ স্থানলৈ উন্নীত হোৱাৰ সম্ভাৱনা আছে ভাৰতৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular