spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeক্ৰীড়াকোহলীলৈ আশাৰ বাৰ্তা উইলিয়ামছনৰ,কপাল ফুলিব পাৰে ভাৰতৰ…

কোহলীলৈ আশাৰ বাৰ্তা উইলিয়ামছনৰ,কপাল ফুলিব পাৰে ভাৰতৰ…

নতুন দিল্লীঃ ৰোমাঞ্চকৰ হৈ উঠিছে টি-২০ বিশ্বকাপৰ গ্ৰুপ-২ ৰ সংঘৰ্ষ । ভাৰতৰ উন্নতে ৰান ৰেটে আশাৰ দুৱাৰ খুলি দিছে। অন্তিম চাৰিট স্থান পাবলৈ যুঁজ দি আছে তিনিওটা দলে। দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে আফগানিস্তান জয়ী হ’লেই কপাল ফুলিব ভাৰতৰ। এই সন্দৰ্ভত কিৱি অধিনায়ক কেন উইলিয়ামছনে খেলৰ প্ৰাকমুহূৰ্তত নিজেই ভাৰতৰ বাবে যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে। শুকুৰবাৰে নামিবিয়াক পৰাস্ত কৰাৰ পাছত উইলিয়ামছনে কয়, ‘আফগানিস্তান এটা অতি শক্তিশালী দল। তেওঁলোকে বিশ্বকাপত ভাল খেলিছে। খেল জিকিবলৈ তেওঁলোকৰ দলত বহুতো অভিজ্ঞ খেলুৱৈ আছে। মই তেওঁলোকৰ সৈতে খেলিবলৈ বাট চাই আছোঁ।’

ৰছিদ খান,মহম্মদ নবীৰ দৰে খেলুৱৈক যে নিউজিলেণ্ডে সমীহ কৰে সেয়া কিৱি অধিনায়কৰ মন্তব্যত স্বতস্ফুৰ্তভাৱে প্ৰকাশ পাইছে।গতিকে উইলিয়ামছনে অতি সাৱধানতাৰে আফগানিস্তানৰ বিৰুদ্ধে নামিব বিচাৰে। নিউজিলেণ্ডৰ বেগী বলাৰ জিমি নিছামো ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে । খেলখনৰ পাছত এখন সংবাদমেলত তেওঁক সোধা হৈছিল যে নামিবিয়াৰ বিৰুদ্ধে ভাৰতৰ ১৪০ কোটি লোকৰ সমৰ্থন আছিল। তেওঁলোক ইয়াক লৈ কিমান চিন্তিত আছিল। ইয়াৰ প্ৰত্যুত্তৰত নিছামে কয়, ‘আমি ০.১ শতাংশও ভবা নাছিলো। কাৰণ আমি আমাৰ নিজৰ খেলৰ বিষয়ে ভাবিব লাগিব। আমি সকলো বোৰ মেচ জিকিব লাগিব। আন দলটোৰ বিষয়ে নাভাবিব।’
আফগানিস্তান আৰু নিউজিলেণ্ডে দেওবাৰে গ্ৰুপৰ অন্যতম গুৰুত্বপূৰ্ণ খেলখনত অৱতীৰ্ণ হ’ব। উইলিয়ামছন বাহিনীয়ে এই খেলখনত জিকাৰ লগে লগে ছেমিফাইনেলত উপনীত হ’ব। কিন্তু যদি পৰাজিত হয় তেতিয়া ইয়াৰ সমীকৰণ হৈ পৰিব আৰু ৰোমাঞ্চকৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular