spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াসংকল্প-সাধনাই মূলমন্ত্ৰ, জয়েৰে অভিযান আৰম্ভ ৰাহুল-ৰোহিতৰ...

সংকল্প-সাধনাই মূলমন্ত্ৰ, জয়েৰে অভিযান আৰম্ভ ৰাহুল-ৰোহিতৰ…

নতুন দিল্লীঃ ভাৰতৰ প্ৰত্যাশিত জয়। ৰোহিত-ৰাহুলৰ মাষ্টাৰপ্লেনিঙত ধৰাশায়ী নিউজিলেণ্ড। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ জয়। ঋষভ পণ্টৰ বেচৰ পৰা আহে উইনিং বাউণ্ডেৰী। ৫উইকেটত বিজয়ী ভাৰত। ভাৰতৰ এই বিজয়ত উচ্ছসিত ভাৰতীয় অনুৰাগী। টছত জয়ী হৈ প্ৰথম ভাৰতে ফিল্ডিঙৰ সিদ্ধান্ত লয়। প্ৰথমে বেট কৰি নিউজিলেণ্ডে ১৬৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। খেলৰ আৰম্ভণিতে মিছেলৰ উইকেট ভাৰতে লাভ কৰে যদিও গুপ্টিল-চেপমেনৰ পাৰ্টনাৰশ্বিপে দলটোক অগ্ৰগতি দিয়ে।

ৰোমাঞ্চকৰ খেলখনত নিউজিলেণ্ডৰ হৈ গুপ্টিলে সৰ্বাধিক ৭০ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। চেপমেনৰ বেটৰ পৰা আহে ৬৩ৰান। ভাৰতৰ হৈ দৰ্শনীয় বলিং কৰে ভুৱি-অশ্বিনে। ভুৱেনশ্বৰ কুমাৰ আৰু অশ্বিনে ২টাকৈ,দীপক চাহাৰ আৰু ছিৰাজে ১টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৯.৪ অভাৰত ৫টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ সূৰ্যকুমাৰে অৰ্ধশতক অৰ্জন কৰে। অধিনায়ক ৰোহিত শৰ্মাইয়ো দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে। কেন উইলিয়ামছন আৰু কাইল জেমিছন নাথাকিলেও, টি-২০ বিশ্বকাপৰ ৰানাৰ্ছ আপৰে ১৯ নৱেম্বৰত পুনৰ সমুখ-সমৰত অবতীৰ্ণ হ’ব।

উল্লেখ্য যে, কেন উইলিয়ামছনৰ অনুপস্থিতিত পেচাৰ টিম ছাউথীয়েই অধিনায়ক ৰূপে নেতৃত্ব দিছে কিৱি দলক। আনহাতে, বিৰাট কোহলীৰ পৰিৱৰ্তে ৰোহিত শৰ্মাৰ কান্ধতে ভাৰতীয় দলৰ দ্বায়িত্ৱ অৰ্পন কৰা হৈছে। প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত ভাৰতে তেওঁলোকৰ প্ৰথম খেলখনতে মাৰিছে বিজয়ী হাঁহি। নিউজিলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাটোৱে ভাৰতীয় ক্ৰিকেটৰ এটা নতুন যুগৰ সূচনা কৰিব বুলি আশাবাদী ক্ৰীড়ানুৰাগী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular