spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াবাহুত কিমান বল? আখৰা পৰ্বত আজি ইংলেণ্ডৰ সন্মুখত ভাৰত

বাহুত কিমান বল? আখৰা পৰ্বত আজি ইংলেণ্ডৰ সন্মুখত ভাৰত

নতুন দিল্লীঃ নতুন দিল্লীঃ টি-২০ বিশ্বকাপ চেম্পিয়নৰ মুকুট লাভ নকৰা আজি প্ৰায় এটা দশকেই হ’ল। এই উদ্দেশ্য সিদ্ধিৰ মানসেৰে ভাৰত আৰু ইংলেণ্ডে বিশ্বকাপ অভিযানৰ পাতনি মেলিবলৈ লৈছে। সোমবাৰে প্ৰস্তুতি খেলখনত দুয়োটা দল সমুখ সমৰত অৱতীৰ্ণ হ’ব। দুয়োটা হেভিৱেট দলেই ছুপাৰ-১২ পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতে ২৪ অক্টোবৰত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰূদ্ধে তেওঁলোকৰ প্ৰথমখন খেল খেলিব। তাৰ ঠিক এদিন আগতে, ইংলেণ্ডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰিব। দুয়োটা দলে মূল পৰ্যায়ত খেলাৰ আগতে দুখন প্ৰস্তুতি খেলত অংশগ্ৰহণ কৰিব।

ভাৰতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু ইংলেণ্ডে ভাৰতৰ উপৰি নিউজিলেণ্ডৰ বিৰুদ্ধে এখন খেলত অৱতীৰ্ণ হ’ব। উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ বিগত সংস্কৰণত দুয়োটা দলৰ অভিলেখ চকুত লগা। ভাৰতে আয়োজক দেশ হিচাপে ছেমি ফাইনেলত উপনীত হৈছিল যদিও ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হোৱাৰ পাছত বিশ্বকাপ জয়ৰ স্বপ্ন ভংগ হৈছিল। আনহাতে, ইংলেণ্ডে ফাইনেলত উপনীত হৈছিল কিন্তু কেৰিবিয়ান দলৰ বিৰুদ্ধে এক শ্বাসৰুদ্ধকাৰী খেলত পৰাস্ত হৈছিল। উল্লেখ্য যে, ভাৰতে ছুপাৰ-১২ পৰ্যায়ত পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান আৰু তেওঁলোকৰ গ্ৰুপত দুটাৰ যোগ্যতা অৰ্জনকাৰী দলৰ সৈতে খেলিব। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তুতি খেলখন ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া ৭:৩০বজাত অনুষ্ঠিত হ’ব।

টি-২০ বিশ্বকাপত ভাৰতীয় দল :
বিৰাট কোহলী, ৰোহিত শৰ্মা, কে এল ৰাহুল, ঋষভ পণ্ট, সূৰ্যকুমাৰ যাদৱ, ঈশান কিষাণ, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, ৰাহুল চাহাৰ, ৰবিচন্দ্ৰন অশ্বিন, বৰুণ চক্ৰৱৰ্তী, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ আৰু ভুৱনেশ্বৰ কুমাৰ।


টি-২০ বিশ্বকাপত ইংলেণ্ডৰ দল :
ইয়ন মৰ্গান, লিয়াম লিভিংষ্টন, ডেভিদ মালান, জেচন ৰয়, মইন আলী, টম কুৰান, ডেভিদ ৱিলি, ক্ৰিছ ৱ’ক্স, জনী বেয়াৰষ্ট্ৰো, ছেম বিলিংছ, জছ বাটলাৰ, ক্ৰিছ জৰ্ডান, টাইমল মিলছ, আদিল ৰছিদ আৰু মাৰ্ক উড।

ইফালে বিশ্বকাপলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত থাকোতেই কোহলীয়ে এখন সংবাদমেল সম্বোধন কৰিছিল| সংবাদমেল যোগে কোহলীয়ে কয়, ‘ধোনীৰ নেতৃত্বতে ভাৰতে সফলতাৰ শিখৰ চুমিছিল। সলনি হৈ গৈছিল ভাৰতীয় ক্ৰিকেটৰ ইতিহাস। এনে এক সম্ভাব্যপূৰ্ণ সময়ত মই তেওঁক দলত পাই উৎসাহিত। ধোনীৰ উপস্থিতিয়ে দলটোৰ মনোবল বৃদ্ধি কৰিব। ধোনীৰ পৰামৰ্শই আমাৰ অগ্ৰগতিত সহায়ক হ’ব। তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে। ধোনী নিজেই ভাৰতীয় দললৈ উভতি আহিবলৈ অতি উৎসাহিত। তাত পৰ আমাৰ বাবে আৰু সুখদায়ক তথা আনন্দৰ বাৰ্তা আন কি হ’ব পাৰে!’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular