spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়ানৱজাত আফগানিস্তানৰ সমুখতো আত্মবিশ্বাসী নহয় ভাৰত ! কি আছে ভাগ্যদশাত?

নৱজাত আফগানিস্তানৰ সমুখতো আত্মবিশ্বাসী নহয় ভাৰত ! কি আছে ভাগ্যদশাত?

নতুন দিল্লীঃ সমুখত ৰছিদৰ দল,কিদৰে সাজু ভাৰত ? বাবৰ আজম নেতৃত্বাধীন পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰ কাৰণ হিচাপে ভাৰতীয় টীম মেনেজমেণ্টে প্ৰকাশ কৰিছিল আচৰ্যজনক তথ্য। পাকিস্তানৰ হাতত শোচনীয় পৰাজয়ৰ পাছত ভাৰতীয় শিবিৰৰ বিপৰ্যয়ৰ কাৰণ হিচাপে পোহৰলৈ আহিছিল নানা বিষয়। পূৰ্বৰ ভুলৰ শুধৰণিৰে আজি আফগানিস্তানৰে মুখামুখী হ’ব ভাৰত। আফগানিস্তানৰ বিৰুদ্ধেও চিন্তিত, উদ্বিগ্ন ভাৰত! ৰছিদ খানে আইপিএলত খেলিলেও বাকী দলটোৰে পৰিচিতি নাই ভাৰতৰ। উল্লেখ্য যে, আফগানিস্তান টি-২০ ক্ৰিকেটৰ এটা শক্তিশালী দল। বলিঙৰ দিশৰ পৰা যিদৰে ৰছিদ, মহম্মদ নবী আৰু মুজিব উৰ ৰহমানে ভাৰতক বিপদত পেলাব পাৰে তেনেদৰে মহম্মদ শ্বাহজাদেৰ বিধ্বংসী বেটেও সমস্যাত পেলাব পাৰে বিৰাট বাহিনীক।

ভাৰত-আফগানিস্তানৰ মাজত এতিয়ালৈকে মাত্ৰ দুখন টি-২০ খেলহে অনুষ্ঠিত হৈছে। তাকো খেল দুখন টি-২০ বিশ্বকাপত খেলা হৈছিল। আৰু ভাৰতে দুয়োখন মেচ জিকিছিল।কিন্তু পূৰ্বৰ সেই আফগান দল এতিয়া আৰু নাই। বেটে-বলে পৰিপূৰ্ণ অন্যতম লেখত ল’বলগীয়া দল হিচাপে কৃতিত্ব অৰ্জন কৰিছে ৰছিদ খানৰ আফগান দলে। শেহতীয়া টি-২০ সংস্কৰণতো আফগানিস্তানে ভাল প্ৰদৰ্শন আগবঢ়াইছে। বিপৰীতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মঞ্চত পৰাজিত হৈছে। টি-২০ ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ১০ উইকেটত পৰাজিত হৈছিল ভাৰত। অনুৰাগীসকলৰ মতে বিশ্বকাপ পৰা বিদায় আসন্ন ভাৰতৰ।

এনে পৰিস্থিতিত, সমুখ-সমৰত ৰছিদ বাহিনী। নেট ৰান ৰেটত ভাৰততকৈ আগবাঢ়ি আছে আফগানিস্তান। পূৰ্বে ভাৰত আৰু আফগানিস্তানৰ মাজৰ দুখন খেলত বিৰাট কোহলী আৰু নুৰ আলী জাদৰানে এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল। দুয়োজনে ৫০ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল। ইতিহাসৰ পৃষ্ঠাত ভাৰত আগুৱাই থকা স্বত্বেও, বুধবাৰৰ মেচখনত আফগানিস্তানে ভাৰতীয় দলৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান পৰিব পাৰে। ছেমিফাইনেলত উপনীত হ’বলৈ আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয় অনিবাৰ্য। ৰানৰেটে এই ক্ষেত্ৰত প্ৰভাৱ পেলালেও সন্মান ৰক্ষাৰ যুঁজখনত জয়ে হৈ পৰিছে ভাৰতৰ বাবে একমাত্ৰ পথ। ইফালে ‘দলৰ প্ৰদৰ্শন লৈ ব’ৰ্ড অতি হতাশ আৰু বিতুষ্ট বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। গতিকে, বিৰাট কোহলীক এদিনীয়া দলৰ অধিনায়ক পদত ৰখাৰো সম্ভাৱনা অতি ক্ষীণ। তেওঁৰ সলনি ৰোহিত শৰ্মাৰ কান্ধতে টি-২০ আৰু এদিনীয়া দলৰ অধিনায়কৰ ভাৰ অৰ্পন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে টেষ্টত কোহলীকে অধিনায়ক কৰি ৰাখিব পাৰে। কিন্তু যদিহে বিশ্বকাপৰ অৱশিষ্ট মেচকেইখনত বিজয় সাব্যস্ত কৰাৰ লগতে ভাৰতীয় দলে কিছুদূৰ আগুৱাব পাৰে তেন্তে বিচিচিআইৰ সিদ্ধান্ত সলনি হ’বও পাৰে। ৰাহুল দ্ৰাবিড়ৰ দিগ নিৰ্দেশনাত নতুন যাত্ৰা আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত কোহলীৰ চকী যোৱাটো এতিয়া প্ৰায় নিশ্চিতই বুলি দাবী কৰিছে একাংশ সংবাদ মাধ্যমে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular