spot_img
28 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeক্ৰীড়ালৰ্ডছ টেষ্টত ভাৰতৰ ঐতিহাসিক জয়

লৰ্ডছ টেষ্টত ভাৰতৰ ঐতিহাসিক জয়

লৰ্ডছঃ লৰ্ডছ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ ঐতিহাসিক জয়। ৫খন খেলৰ শৃংখলাত কোহলী ব্ৰিগেডে ১-০ৰ অগ্ৰগতি লাভ কৰিছে। তীব্ৰ বেটিং দুৰ্যোগৰ বাবে ইংলেণ্ড ক্ৰিকেট দল পৰাজিত হৈছিল। ৫খন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল নটিংহামত বৰষুণৰ ফলত নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা পোৱা ইংলেণ্ডে পৰম্পৰাগত লৰ্ডছৰ টেষ্টত পৰাজিত হয়। ভাৰতৰ বিৰুদ্ধে ২৭২ৰাণৰ লক্ষ্যৰ চোঁচা ল’বলৈ গৈ ইংলেণ্ডে ১ ৰাণত দুজন অপেনাৰ হেৰুৱাই নিজৰ বিপদ নিজে মাতি আনিছিল।

পৰৱৰ্তী সময়ত ৭ জন বেটছমেন ৯০ ৰাণত পেভেলিয়নমুখী হোৱাৰ পাছত আয়োজক দলটোৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰিছিল। জছ বাটলাৰে অষ্টম উইকেটৰ বাবে ৰবিনছনৰ সৈতে দলৰ পৰাজয় এৰাই চলিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। কিন্তু দিনটোৰ খেল শেষ হোৱাৰ আগতে ৰবিনছন ৯.১ অ’ভাৰত আউট হৈছিল। মাৰ্ক উড আৰু জেমছ এণ্ডাৰছনে পৰাজয় এৰাই চলিবলৈ অন্তিম ৮.৪ অভাৰ খেলিব লগা হৈছিল। কিন্তু ভাৰতীয় বলিং বিক্ৰমত স্তিমিত হৈ পৰিছিল এণ্ডাৰছন। লোকেশ ৰাহুল আৰু ৰোহিত শৰ্মাৰ অৰ্ধশতকৰ সৈতে ভাৰতে প্ৰথম ইনিংছত ৩৬৪ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বেটিং কৰি ইংলেণ্ডে জ’ ৰুটৰ অপৰাজিত ১৮০ ৰাণত ২৭ ৰাণৰ অগ্ৰগতি লাভ কৰি ৩৯১ ৰাণ সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত ভাৰতে ৮ উইকেট হেৰুৱাই ২৯৮ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই ১২০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৱশেষত ভাৰতে ১৫১ৰানৰ বৃহৎ ব্যৱধানত ঘৰুৱা দলটোৰ বিৰুদ্ধে জয়লাভ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Mon
34 °
Tue
32 °
Wed
30 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular