spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াচৰম আৰ্থিক সংকটত হৰভজন সিং! বিক্ৰী কৰিলে মুম্বাইৰ বাসগৃহ

চৰম আৰ্থিক সংকটত হৰভজন সিং! বিক্ৰী কৰিলে মুম্বাইৰ বাসগৃহ

নতুন দিল্লীঃ দিন ভালে যোৱা নাই হৰভজনৰ! এসময়ত ২২গজৰ ক্ৰিকেট পিটচত দপদপাই থকা হৰভজনক আৰ্থিক দৈন্যতাই একপ্ৰকাৰ যেন কোঙা কৰি পেলাইছে! আৰ্থিক পৰিস্থিতি সুচল কৰিবৰ বাবেই যেন তেওঁ সন্ধান কৰিছে বিকল্প পথৰ! শেহতীয়াকৈ, ভাৰতীয় তাৰকা ক্ৰিকেটাৰ হৰভজন সিঙে তেওঁৰ মুম্বাইৰ ঘৰটো বিক্ৰী কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। জানিবলৈ পোৱা মতে, হৰভজন সিঙৰ ঘৰটোৰ মূল্য ১৭.৫৮ কোটি টকা। স্থানান্তৰৰ বাবে হৰভজনে ৮৭.৯০ লাখ টকাৰ আয়কৰ পৰিশোধ কৰিব লগীয়া হৈছে।

উল্লেখ্য যে, মুম্বাইৰ আন্ধেৰীত থকা হৰভজনৰ ঘৰটো ২৮৩০ বৰ্গফুটৰ। ভাৰতীয় স্পিনাৰজনে ২০১৭ চনৰ ডিচেম্বৰত ঘৰটো ক্ৰয় কৰিছিল। ২০১৮ৰ মাৰ্চ মাহত হৰভজনৰ নামত পঞ্জীয়ন কৰা হৈছিল ঘৰটো। ৰুস্তমজী নামৰ এটা গৃহ নিৰ্মাণ কোম্পানীৰ পৰা ঘৰটো ক্ৰয় কৰিছিল হৰভজনে। ঘৰটোৰ মূল্য বৃদ্ধি পোৱা বাবে ভৰভজনে বিক্ৰী কৰিবলৈ লোৱা বুলিও একাংশই মতপোষণ কৰিছে। ইফালে একাংশ অনুৰাগীয়ে সামাজিক মাধ্যমত হৰভজনৰ এই কথাটোক লৈ অট্টহাস্য কৰা দেখিবলৈ পোৱা গৈছে। বহুতে ধেমালীৰ চলেৰে মুখৰোচক মন্তব্য কৰাও দেখা গৈছে। কিন্তু দৰাচলতে যে, হৰভজনৰ দৰে এগৰাকী তাৰকা ক্ৰিকেটাৰে অৰ্থসংকটত ভোগা নাই সেয়া নিশ্চিত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular