spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াকোহলী-শাস্ত্ৰীৰ ৰিপৰ্ট কাৰ্ডত কপিল দেৱৰ শেষ মোহৰ, কোনে পালে কিমান নম্বৰ?

কোহলী-শাস্ত্ৰীৰ ৰিপৰ্ট কাৰ্ডত কপিল দেৱৰ শেষ মোহৰ, কোনে পালে কিমান নম্বৰ?

নতুন দিল্লীঃ কপিল দেৱৰ পৰ্যবেক্ষণত কোহলী-শাস্ত্ৰী। টি-২০ বিশ্বকাপৰ পাছত ৰবি শাস্ত্ৰীয়ে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছে। আনহাতে, বিৰাট কোহলীয়েও টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিছে। বিগত ৫বছৰ ধৰি ভাৰতীয় ক্ৰিকেটক নেতৃত্ব দিছে কোহলী-শাস্ত্ৰীৰ যুঁটিয়ে। কেনেদৰে অতিবাহিত হৈছিল সেই সময়? ভাৰতীয় ক্ৰিকেটৰ উত্তৰণত কোহলী-শাস্ত্ৰীৰ ভূমিকা কিমান? এনে কেতবোৰ প্ৰসংগক কেন্দ্ৰ কৰি ভাৰতৰ বিশ্বকাপ বিজয়ী কিংবদন্তি অধিনায়ক কপিল দেৱে দুয়োজনৰ সফলতা-বিফলতাৰ বিচাৰ কৰি এখন প্ৰতিবেদন উপস্থাপন কৰিছে। কপিল দেৱৰ মতে, কোহলী-শাস্ত্ৰীৰ যুঁটিটোৱে বিগত কেইবছৰমানত ভাৰতীয় ক্ৰিকেটত যথেষ্ট সাফল্য আনি দিছে। তথাপি কপিল দেৱে সম্পূৰ্ণ নম্বৰ দিব পৰা নাই কোহলী-শাস্ত্ৰীক। কাৰণ, আইচিচি টুৰ্ণামেণ্টত বিফলতা।

দ্বিপাক্ষিক শৃংখলাত শক্তিশালী প্ৰদৰ্শন দেখুওৱা স্বত্বেও কোহলী-শাস্ত্ৰীৰ উপস্থিতিত ভাৰতে আইচিচি ট্ৰফী জিকিব পৰা নাই। সদ্যসমাপ্ত টি-২০ বিশ্বকাপত ভাৰতৰ শেহতীয়া প্ৰদৰ্শনক ক্ৰিকেট ইতিহাসৰ আটাইতকৈ ডাঙৰ বিফলতা বুলি বৰ্ণনা কৰিছে কিংবদন্তি ভাৰতীয় অধিনায়কজনে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কপিল দেৱে কয়, ‘মই ভাবো তেওঁলোকে এক মহান কাম কৰিছে। বিগত ৫ বছৰত একেৰাহে দ্বিপাক্ষিক শৃংখলাত জয়ী হৈছে ভাৰত। আইচিচি ট্ৰফী লাভৰ বাহিৰে সকলো সাফল্য কঢ়িয়াইছে ভাৰতে। অষ্ট্ৰেলিয়া, ইংলেণ্ডলৈ গৈয়ো শৃংখলাত জয়ী হৈছিল ভাৰত।’ উল্লেখ্য যে, আইচিচি ট্ৰফী জিকিব নোৱাৰাৰ বাবে সম্পূৰ্ণ নম্বৰ দিব নোৱাৰিলে কপিল দেৱে। তেওঁ কয়, ‘মই কোহলী-শাস্ত্ৰীক সম্পূৰ্ণ নম্বৰ দিব নোৱাৰো, কিয়নো তেওঁলোকে আইচিচি ট্ৰফী আজুৰি আনিব নোৱাৰিলে। মই তেওঁলোকক ১০০ নম্বৰৰ ভিতৰত ৯০ দিম। মই ১০ নম্বৰ কাটিম। অৱশ্যে, এই কেইবছৰমানত ভাৰতীয় ক্ৰিকেট অধিক উন্নত হৈছে।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular