spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeক্ৰীড়ামোদীৰ হাতৰ মুঠিত পাক ক্ৰিকেটৰ ভৱিষ্যৎ! কোন তাৰকাই দিলে সকীয়নি

মোদীৰ হাতৰ মুঠিত পাক ক্ৰিকেটৰ ভৱিষ্যৎ! কোন তাৰকাই দিলে সকীয়নি

নতুন দিল্লীঃ সমাগত টি-২০ বিশ্বকাপ। প্ৰথম খেলতে ভাৰতৰে মুখামুখি হ’ব চিৰবৈৰী পাকিস্তান। ভাৰত-পাকিস্তানৰ খেল মানেই অন্তহীন উত্তেজনা, অস্থিৰতা, উত্কবন্ঠাৰ ভিৰ। পিছে খেলৰ প্ৰাকমুহূৰ্তত পোহৰলৈ আহিছে কেইবাটাও চাঞ্চল্যকৰ খবৰ। পাকিস্তান ক্ৰিকেট বৰ্ডৰে ভাৰতৰ মনোমালিন্যৰ পৰা আদি কৰি জাৰ্ছী বিতৰ্কলৈ চুই গৈছে ক্ৰিকেট এৰিনা। এনে পৰিপ্ৰেক্ষিতত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই এক স্পৰ্শকাতৰ মন্তব্য কৰিছে।

উল্লেখ্য যে, আইচিচি-এ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবদ প্ৰাপ্ত ধনৰাশিৰ নিৰ্ধাৰিত শতাংশ সদস্য ব’ৰ্ডসমূহৰ মাজত বিতৰণ কৰে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সদস্য ব’ৰ্ডকেইখনে এই ধন লাভ কৰি আহিছে বহু আগৰ পৰাই। ভাৰতীয় বজাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে লাভ কৰা ৰাজহৰ ফালে আঙুলিয়াই দি পাক ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ গৰাকীয়ে কয়, ‘ভাৰত চৰকাৰে বিচাৰিলে পাকিস্তান ক্ৰিকেট ব’ৰ্ড ধ্বংস কৰি পেলাব পাৰে।’ ৰাজাই আৰু কয়, ‘আইচিচি পুঁজিৰ পৰা পিচিবিয়ে ৫০শতাংশ লাভ কৰে।

আইচিচিয়ে ইয়াৰ ৯০ শতাংশ ধন ভাৰতীয় বজাৰৰ পৰা সংগ্ৰহ কৰা। ভাৰতেহে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ৰক্ষণাবেক্ষণ দি আহিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যদি পুঁজি বন্ধ কৰাৰ সিদ্ধান্ত লয়, তেন্তে পাকিস্তান ক্ৰিকেট ধ্বংস হোবাতো নিশ্চিত।’ আন্তঃ-প্ৰাদেশিক সমন্বয়ৰ ওপৰত চিনেটৰ স্থায়ী সমিতিৰ সন্মুখত ভাষণ দি থকা সময়ত এই কথা বিস্ফোৰক মন্তব্য কৰে ৰমিজ ৰাজাই। ৰমিজৰ এনে মন্তব্যৰ পাছতেই বিষয়টোৱে তুমুল চৰ্চা লাভ কৰিছে। একাংশই ৰমিজৰ এনে মন্তব্যৰ বিৰোধিতা কৰাৰ বিপৰীতে বহুতৰ পৰা লাভ কৰিছে বিপুল সমৰ্থন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular