উত্তৰ-পূব ৰে’লৱেৰ অধীনত বাতিল হোৱা এইসমূহ ৰে’লৰ পুনৰ চলাচল,চাওক লিষ্ট

0
324
ৰে'ল
উত্তৰ-পূব ৰে'লৱেৰ অধীনত বাতিল হোৱা এইসমূহ ৰে'লৰ পুনৰ চলাচল,চাওক লিষ্ট

ডিজিটেল ডেস্কঃ উত্তৰ-পূব ৰে’লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে’ল পুনৰ চলাচল কৰিব। ৰে’লৱেৰ দ্বাৰা আলিপুৰদুৱাৰ মণ্ডলৰ কালাইগ্ৰাম-গুমানি হাট শাখাৰ মাজত নন-ইণ্টাৰলকিং কাম চলি থকা বাবে কেইবাখনো ৰে’ল সেৱা বাতিল কৰা হৈছিল৷এতিয়া এই সকলো পথতে ৰে’লসমূহ চলাচল কৰোৱাৰৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ ফলত উত্তৰ-পূব ৰে’লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে’ল পুনৰ চলাচল কৰিব।এই অনুসৰি ৮ অক্টোবৰৰ পৰা নিৰ্ধাৰিত সময়ত আনন্দ বিহাৰ টাৰ্মিনাসৰ পৰা চলিব 05622 আনন্দ বিহাৰ টাৰ্মিনাস-কামাখ্যা স্পেচিয়েল ৰে’ল।  আনহাতে ৭ অক্টোবৰৰ পৰা কামাখ্যাৰ পৰা নিৰ্ধাৰিত সময়ৰ পৰা চলিব 05621 কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনাস স্পেচিয়েল ৰে’ল৷। লগতে এই ৪খন ৰেলৰ চলাচলো পুনৰ বাহাল কৰা হৈছে।

১. ৪ অক্টোবৰঃ ৰে’ল নং 05624, কামাখ্যা-ভগত কি কোঠি স্পেচিয়েল ৰে’ল ।

২. ৫ অক্টোবৰঃ ৰে’ল নং 05623, ভগত কি কোঠি-কামাখ্যা স্পেচিয়েল ৰে’ল।

৩. ৬ অক্টোবৰঃ ৰে’ল নং 05633, বিকানেৰ-গুৱাহাটী স্পেচিয়েল ৰে’ল।

৪. ৯ অক্টোবৰঃ ৰে’ল নং 05634, গুৱাহাটী-বিকানেৰ স্পেচিয়েল ৰে’ল।